ETV Bharat / state

আঁচনি ৰূপায়ণৰ নামত ধুবুৰীত ব্যাপক দুৰ্নীতি - লুণ্ঠনৰাজ

চৰ গ্ৰামঞ্চলৰ সৰ্বাঙ্গীন উন্নয়নৰ প্ৰতি লক্ষ্য কৰি ৰাজ্যত আৰম্ভ কৰা হৈছিল পঞ্চায়তীৰাজ ব্যৱস্থা। কিন্তু ধুবুৰী জিলাৰ বিভিন্ন পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত চলিছে কেৱল দুৰ্নীতি লুণ্ঠনৰাজ ।

Panchayat Scam at Dhubri
আঁচনি ৰূপায়ণৰ নামত ধুবুৰীত ব্যাপক দুৰ্নীতি
author img

By

Published : Jan 9, 2021, 1:46 PM IST

ধুবুৰী,9জানুৱাৰী:শূন্য সহনশীল নীতি লোৱা চৰকাৰৰ দিনতে ৰাজ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ আঁচনি ৰূপায়ণৰ নামত এতিয়া ৰাজ্যত দুৰ্নীতিৰ পোহাৰ মেলিছে ৷ ধুবুৰী জিলাৰ অন্তৰ্গত পঞ্চায়ত সমূহত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ আঁচনি ৰূপায়ণৰ নামত চলিছে কেৱল দুৰ্নীতি-লুণ্ঠনৰাজ ৷ তেনে এক তথ্য পোহৰলৈ আহিছে এইবাৰ ধুবুৰীত ৷ ধুবুৰী জিলাৰ মাঝেৰচৰ চলাকুৰা গাঁও পঞ্চায়তত লাখ লাখ টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, যোৱা ২০১৭-১৮ বৰ্ষৰ চতুৰ্দশ বিত্তীয় সাহাৰ্য পুঁজিৰ জৰিয়তে মাঝেৰচৰ চলাকুৰা গাঁও পঞ্চায়তত এটা সমূহীয়া ভৱন নিৰ্মাণৰ বাবে আৱণ্টন দিয়া হৈছিল ২ লাখ ৯৯ হাজাৰ ৮১৮ টকা ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ভৱনৰ আধা কাম কৰিয়েই বন্ধ কৰি দিয়া হয় নিৰ্মাণৰ কাম ৷ ৰাইজৰ অভিযোগ , আঁচনি ৰূপায়ণ নকৰাকৈ কেৱল কাগজ কলমত কাম সম্পূৰ্ণ কৰি পঞ্চায়ত সভাপতি-সচিব আৰু কনষ্ট্ৰাকচন কমিটিৰ অধ্যক্ষই বিভাগীয় বিষয়া অভিযন্তাক লগত লৈ দুৰ্নীতি সংঘটিত কৰিছে ৷

আঁচনি ৰূপায়ণৰ নামত ধুবুৰীত ব্যাপক দুৰ্নীতি

তদুপৰি,মাঝেৰচৰ চলাকুৰা বেলতলা পাৰঘাটত জিৰণি ঘৰ মেৰামতি আৰু নতুনকৈ এখন শৌচালয় নিৰ্মাণৰ বাবে চৰকাৰে আৱণ্টন দিছিল ২ লাখ ৩৩ হাজাৰ ৪৯২ টকা৷ কিন্তু এইক্ষেত্ৰটো উক্ত ধনৰাশিৰে কোনো ধৰণৰ কাম নকৰাকৈ পঞ্চায়ত সভাপতি কেতাব আলী, পঞ্চায়ত সচিব আব্দুল ওৱাহাব আৰু কনষ্ট্ৰাকচন কমিটিৰ অধ্যক্ষ শুকুৰ আলীয়ে বিভাগীয় বিষয়া অভিযন্তাক মেনেজ কৰি আৱণ্টিত ধনৰাশি আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷ ইপিনে,এই সমগ্ৰ ঘটনা সন্দৰ্ভত আব্দুল মান্নান শেখ নামৰ এজন লোকে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ইতিমধ্যে উক্ত এজাহাৰৰ ভিত্তিত ১৯৪৭/২০ নম্বৰত এখন গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ৷ কিন্তু এইপৰ্যন্ত বৰ্তমানলৈকে কোনো এজন ব্যক্তিক আটক কৰা নাই আৰক্ষীয়ে ৷ লক্ষণীয় হ'ব এই সমগ্ৰ দুৰ্নীতিৰ সন্দৰ্ভত চৰকাৰৰ লগতে আৰক্ষীয়ে পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

Panchayat Scam at Dhubri
আঁচনি ৰূপায়ণৰ নামত ধুবুৰীত ব্যাপক দুৰ্নীতি

লগতে পঢ়কঃবাৰ্ড ফ্লু: কেৰালাৰ পৰা কুকুৰা আমদানিত নিষেধাজ্ঞা কৰ্ণাটকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.