ETV Bharat / state

ধুবুৰীত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ মুকলি

author img

By

Published : Feb 28, 2019, 9:44 PM IST

বিৰোধীয়ে কোৱাৰ দৰে এয়া কোনো নিৰ্বাচন মুখী আঁচনি নহয় বুলিও স্পষ্ট কৰি দিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে

ধুবুৰীত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ শুভ উদ্বোধন

ধুবুৰী,২৮ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনি শুভ উদ্বোধন কৰাৰ বাবে বৃহস্পতিবাৰে ধুবুৰীত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে।

ধুবুৰীত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ শুভ উদ্বোধন
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাপে অংশ লৈ উক্ত আঁচনিৰ শুভ উদ্বোধন কৰি ধুবুৰীলৈ আহে মন্ত্ৰী গৰাকী। ধুবুৰী জিলাৰ মুঠ ১৭ হাজাৰ কৃষক হিতাধিকাৰীক এই আঁচনিৰ অন্তৰ্ভূক্ত কৰি লোৱা হৈছে বুলি উল্লেখ কৰি ২০২১ ৰ ভিতৰত কৃষক সকলে যাতে দুগুন উৎসাহেৰে কৃষি কৰ্ম কৰিউৎপাদন বৃদ্ধি কৰিব পাৰে তাৰেই লক্ষ্য কৰি লোৱা হৈছে বুলি মন্তব্য কৰে। তাৰোপৰি বিৰোধীয়ে কোৱাৰ দৰে এয়া কোনো নিৰ্বাচন মুখী আঁচনি নহয় বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকতৰ বিসংগতি আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত বিভাগীয় মন্ত্ৰী গৰাকীয়ে দুই এদিনৰ ভিতৰতে তদন্তৰ ফলাফল ওলাব বুলি উল্লেখ কৰে । আনহাতে পুনৰ নতুনকৈ পৰীক্ষা অনুষ্ঠিত হ'ব নে পূৰ্বৰ পৰীক্ষা মতেই ফলাফল ঘোষণা হব সেয়া তদন্তৰ প্ৰক্ৰিয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব। ইপিনে ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদূৰ ৰহমানে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া নিৰ্বাচনমুখী আঁচনি বুলি মন্তব্য কৰে।

SLUG- A_DHB_801_805_28FEB_PANCHAYAT_MINISTER_VIS+BYTE_SHAHANUR
Date:- 28/02/19
( Files send through MOJO )

    oc/vo:- অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনি শুভ উদ্বোধন কৰাৰ বাবে আজি ধুবুৰীত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে। মন্ত্ৰী গৰাকীয়ে আজি পুৱাৰ ভাগত ধুবুৰীৰ পৰা হাটশিঙিমাৰীলৈ যাত্ৰা কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাপে অংশ লৈ উক্ত আঁচনিৰ শুভ উদ্বোধন কৰি ধুবুৰীলৈ উভতি আহে মন্ত্ৰী গৰাকীয়ে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সাত হাজাৰ কৃষক হিতাধিকাৰীক উক্ত আঁচনিৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছে। ইপিনে আবেলি প্ৰায় তিনি মান বজাত মন্ত্ৰী গৰাকীয়ে বিলাসিপাৰাত অনুষ্ঠিত এক সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ শুভ উদ্বোধন কৰে। ধুবুৰী জিলাখনত মুঠ ১৭ হাজাৰ কৃষক হিতাধিকাৰীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছে বুলি উল্লেখ কৰি ২০২১ ৰ ভিতৰত কৃষক সকলে যাতে দুগুন উৎসাহেৰে কৃষি কৰ্ম কৰি দুগুন উৎপাদন কৰিব পাৰে তাৰেই লক্ষ্য কৰি লোৱা হৈছে বুলি মন্তব্য কৰে। লগতে বিৰোধীয়ে কোৱাদৰে এয়া কোনো নিৰ্বাচন মুখী আঁচনি নহয় বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰী গৰাকীয়ে।
                                   Byte:- (802) মন্ত্ৰী

       ইপিনে ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদূৰ ৰহমানে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনি সন্দৰ্ভদ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া নিৰ্বাচনমুখী আঁচনি বুলি মন্তব্য কৰে। লগতে ধুবুৰী জিলা খনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰিছে বুলি উল্লেখ কৰে ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদূৰ ৰহমানে।

                            Byte:- (805) জিলা পৰিষদৰ সভাপতি

     ইপিনে যোৱা বৰ্ষত অনুষ্ঠিত হোৱা গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকতৰ বিসংগতি আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিলৰ দাবী উত্থাপন হোৱাৰ লগতে উচিত তদন্তৰ দাবী উত্থাপন কৰা হৈছিল। তাৰ পিছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্যমন্ত্ৰী তদাৰকী সন্থাই ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিওঁ বিগত ছমাহে যেন স্তব্ধ হৈ আছে তদন্ত প্ৰক্ৰিয়া। কিন্তু কি পৰ্য্যায়ত আছে অসম চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া। এই সন্দৰ্ভদ প্ৰশ্ন কৰাত বিভাগীয় মন্ত্ৰী গৰাকীয়ে কয় দুই এদিনৰ ভিতৰত তদন্তৰ ফলাফল ওলাব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। আনহাতে পুনৰ নতুনকৈ পৰীক্ষা অনুষ্ঠিত হব নে পূৰ্বৰ পৰীক্ষা মতেই ফলাফল ঘোষণা হব সেয়া তদন্তৰ প্ৰতিবেদনাৰ ওপৰতহে নিৰ্ভৰ কৰিব।
                              Byte:- (803) মন্ত্ৰী
       
      ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.