ETV Bharat / state

শিক্ষকৰ গৰ্জনে কঁপালে অসম - জামুগুৰিহাটৰ নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়

সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ তীব্ৰ প্ৰতিবাদ ৷ বিভিন্ন দাবীৰে এই উত্তাল প্ৰতিবাদ ৷

Overall teachers protest
শিক্ষকৰ গৰ্জনে কঁপালে অসম
author img

By

Published : Nov 30, 2019, 10:30 PM IST

নিউজ ডেস্ক, 30 নৱেম্বৰঃ ৰাজ্যজুৰি হোৱা শিক্ষকৰ প্ৰতিবাদত কঁপিল আকাশ-বতাহ ৷ সৰ্বত্ৰে প্ৰতিবাদ মাথোঁ প্ৰতিবাদ ৷ ছয় দফীয়া দাবীৰ ভিত্তিত এতিয়া শিক্ষক সমাজৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বিভিন্ন দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত উত্তাল কৰি তোলে পৰিৱেশ ৷ ধুবুৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন শতাধিক শিক্ষকৰ ৷ অখিল ভাৰতীয় শিক্ষক সংঘৰ আহ্বানত ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষকসকলে ৷ শিক্ষকসকলৰ এই দাবীত চৰকাৰে সঁহাৰি নিদিলে পৰৱৰ্তী সময়ত জিলা উপায়ুক্ত কাৰ্যালয় তথা দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা উল্লেখ কৰে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

ইফালে, অখিল ভাৰতীয় শিক্ষক সন্মিলনীৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদত উত্তাল চতিয়াও ৷ জামুগুৰিহাটৰ নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে তেজপুৰ মহকুমা শিক্ষক সন্মিলনীয়ে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

আনহাতে, গোলাঘাটতো প্ৰতিবাদত বহিল শিক্ষক সমাজ ৷ গোলাঘাটৰ পূৱ শিক্ষা খণ্ডত তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে শ শ শিক্ষকে ৷ বিভিন্ন দাবীৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

অন্যহাতে তিনিচুকীয়াতো জিলা প্ৰাথমিক শিক্ষা সন্মিলনীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নতুন পেঞ্চন নীতি বাতিল কৰাৰ লগতে কেবাটাও গুৰুত্বপূৰ্ণ দাবী চৰকাৰলৈ উত্থাপন কৰে প্ৰতিবাদী শিক্ষক সমাজে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

আনফালে, শিলচৰতো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সমাজে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ শিলচৰৰ স্কুলসমূহৰ উপ-পৰিদৰ্শকৰ অফিচৰ এই সন্মূখত বহা এই ধৰ্ণাত অংশগ্ৰহণ কৰে বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

বঢ়মপুৰতো কঁপিল শিক্ষা বিষয়াৰ কাৰ্যালয় ৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কঠিয়াতলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰিচালনাত শতাধিক শিক্ষকে বিভিন্ন দাবীৰে কঠিয়াতলী শিক্ষা বিষয়া কাৰ্যালয়ত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

ওদালগুৰিতো ৰূপায়ন শিক্ষক সমাজৰ ধৰ্ণা কাৰ্যসূচী ৷ ওদালগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত ৰূপায়ণ কৰা এই কাৰ্যসূচীত শতাধিক শিক্ষকে হাতে হাতে বেনাৰলৈ বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

ইফালে নলবাৰীতো প্ৰাথমিক শিক্ষক সন্মিলনীৰ তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন ৷ পূৱ নলবাৰী শিক্ষা বিষয়াৰ কাৰ্যালয়ত নতুন পেঞ্চন নীতি বাতিল কৰি আগৰ পেঞ্চন নীতি বাহাল ৰাখক, ঠিকা ভিওিক সকলো শিক্ষকৰে চাকৰি নিয়মীয়াকৰণৰ দাবী আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

চিৰাঙতো প্ৰতিবাদেৰে কঁপালে শিক্ষক সমাজে ৷ চিৰাং জিলাৰ বিজনী বিদ্যালয়সমুহৰ উপ পৰিদৰ্ষকৰ কাৰ্যালয়ৰ সন্মুখত আৰু বেংতল ব্লক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ।

শিক্ষকৰ গৰ্জনে কঁপালে অসম

আনহাতে ধেমাজিতো খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয় উত্তাল কৰিলে ধেমাজি খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷ শিক্ষকসকলে ন্যায্য প্ৰাপ্তিৰ দাবীত উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

কামৰূপৰ ৰঙিয়াতো চলিল প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ ৷ ৰঙিয়াৰ সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ সন্মুখত লগতে বিদ্যালয় সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক শিক্ষকে এই কাৰ্যসূচী ৰূপায়ন কৰে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

বাইহাটাৰ কমলপুৰতো প্ৰতিবাদী কাৰ্যসূচী শিক্ষক সন্থাৰ ৷ বিভিন্ন দাবীৰে এই কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষকসকলে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

ইফালে বাক্সাৰ টিহু-বৰমা খণ্ড শিক্ষক সন্মীলনী শিক্ষকৰ উত্তাল প্ৰতিবাদ ৷ নিজৰ দাবীসমূহ পূৰণৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

কাকপথাৰতো শিক্ষা খণ্ড কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী শিক্ষক সমাজে এক প্ৰতিহাদী কাৰ্যসূচী হাতত লৈ ন্যায্য প্ৰাপ্তিৰ দাবী উত্থাপন কৰে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

ধুবুৰী জিলাৰ চাপৰতো শালকোচা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষক সমাজে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

আনহাতে যোৰহাট জিলাৰ শিক্ষা বিষয়াৰ বিভিন্ন খণ্ডই খণ্ডই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষক সমাজে ৷

শিক্ষকৰ গৰ্জনে কঁপালে অসম

ইফালে টীয়কৰ পূৱ যোৰহাট শিক্ষাখণ্ড কাৰ্যালয়ৰ প্ৰাংগণতো অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত যোৰহাট জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত পূৱ যোৰহাট খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰিচালনাত তিনিঘন্টীয়া এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

শিক্ষকৰ গৰ্জনে কঁপালে অসম

আৰু পঢ়কঃ

কলগাছিয়াত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ ধৰ্ণা কাৰ্যসূচী

Intro: ধুবুৰীত শ্ৰেণীকোঠা এৰি প্ৰতিবাদী কাৰ্য্যসূচীত ধুবুৰীৰ শতাধিক শিক্ষক শিক্ষয়িত্ৰী। অখিল ভাৰতীয় শিক্ষক সংঘৰ আহ্বানত আজি ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত জিলা শিক্ষক সন্মিলনীৰ প্ৰতিবাদ। ছয় দফীয়া দাবীৰ ভিত্তিত আজিৰ পৰা প্ৰায় তিনি মাহযোৰা এক দীঘলীয়া প্ৰতিবাদী কাৰ্য্যসূচী শিক্ষক সন্মিলনীৰ।

Body:

হয়, শ্ৰেণীকোঠাৰ পৰিৱৰ্তে প্ৰতিবাদী কাৰ্য্যসূচীত বহিল ধুবুৰীৰ শতাধিক শিক্ষক শিক্ষয়িত্ৰী। এয়া ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ দৃশ্য। আজি পুৱা দহ বজাৰ পৰা দিনৰ এক বজালৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে শিক্ষক সকলে। উল্লেখ্য যে, শিক্ষক সকলৰ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি বাহাল ৰখা, সকলো প্ৰকাৰৰ ঠিকা ভিত্তিক আৰু বেতন বঞ্চিত শিক্ষক সকলক বিনাচৰ্তে নিয়মীয়াকৰণ কৰা, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকক সপ্তম দৰমহা বিধি অনুসৰি প্ৰাপ্য গ্ৰেড পে আদায় দিয়া, ছাত্ৰ ছাত্ৰীৰ ঐক্য সাজ পোচাক নিয়মিত ভাৱে যোগান দিয়াকে ধৰি মুঠ ছয় দফীয়া দাবীৰ ভিত্তিত আজিৰ পৰা প্ৰায় তিনি মহীয়া দীঘলীয়া প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ আৰম্ভ হয়। সেইমতে, আজি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ পিছত ২৩ ডিচেম্বৰৰ দিনা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ দৰে ২০২০ চনৰ ২১ জানুৱাৰীৰ দিছপুৰ চলোঁ কাৰ্য্যসূচী, ২১ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰী লৈ দিল্লীত অৱস্থান ধৰ্মঘট আৰু ২৭ ফেব্ৰুৱাৰীৰ দিনা সংসদ ভৱন ঘেৰাও কৰাৰ এক দীঘলীয়া কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে।

Byte:- আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক, ধুবুৰী জিলা শিক্ষক সন্মিলনী।।

Conclusion:উল্লেখযোগ্য যে, অখিল ভাৰতীয় শিক্ষক সংঘৰ আহ্বানত আজি দেশ তথা ৰাজ্যজুৰি শিক্ষক সকলে ছয় দফীয়া দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এতিয়া চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয়।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.