ধুবুৰী, 2 ডিচেম্বৰঃ ধুবুৰীত চেঞ্চুৰী মাৰিলে পিঁয়াজৰ মূল্যই । নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু জিলা উপায়ুক্ত । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিধানসভাৰ মজিয়াত প্ৰতিবাদ অব্যাহত থকাৰ পিছতো নিয়ন্ত্ৰণ নহ'ল পিয়াঁজৰ মূল্য । যাৰ ৰাজ্যৰ প্ৰতিজন মন্ত্ৰীক অপদাৰ্থ মন্ত্ৰী আখ্যা দিলে গ্ৰাহকে ।
পিয়াঁজৰ মূল্যবৃদ্ধি বাবে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ বিপৰীতে পিয়াঁজৰ মালা পিন্ধি বিধান সভাৰ মজিয়াত বিৰোধীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো হ্ৰাস নহ'ল পিয়াঁজৰ মূল্য । একেৰাহে পিয়াঁজৰ মূল্য বৃদ্ধি হৈ সোমবাৰে ধুবুৰীৰ খুচুৰা বজাৰত ১০০ টকা চুলেগৈ পিঁয়াজৰ মূল্যই । সোমবাৰে পুৱাৰ ভাগত ধুবুৰীৰ শাক পাচলিৰ বজাৰত পিঁয়াজৰ খুচুৰা মূল্য প্ৰতি কিল'গ্ৰামত আছিল ৮৫ ৰ পৰা ৯০ টকা ৷ পাইকাৰী মূল্য আছিল ৮০ টকা । কিন্তু সন্ধিয়াৰ ভাগত বজাৰখনত পিঁয়াজৰ খুচুৰা মূল্য প্ৰতিকেজি এশ টকালৈ বৃদ্ধি পোৱা দেখা যায় ৷
উল্লেখ্য যে, 1 ডিচেম্বৰলৈকে বজাৰখনত পিঁয়াজৰ খুচুৰা মূল্য আছিল প্ৰতিকেজিত ৮০ টকা ৷ আনহাতে বিগত সপ্তাহৰ শনিবাৰলৈ ধুবুৰীত পিঁয়াজৰ খুচুৰা মূল্য প্ৰতিকেজিত ৭৫ টকাৰ পৰা ৮০ টকা বান্ধি দিয়া বুলি মাইকযোগে ঘোষণা কৰিছিল ধুবুৰী জিলা খাদ্য অসামৰিক আৰু যোগান বিভাগে ৷ অৱশ্যে দেওবাৰ আৰু সোমবাৰৰ দিন দুটা চৰকাৰী বন্ধৰ দিন হোৱা হেতুকে চৰকাৰীভাবে ধুবুৰীত পিঁয়াজৰ খুচুৰা মূল্যৰ নতুন নিৰিখত বান্ধি দিয়া হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই ৷
কিন্তু দুটা নিশাৰ ভিতৰত পিঁয়াজৰ খুচুৰা মূল্য 20 টকাকৈ বৃদ্ধি পোৱাত পিঁয়াজৰ খুচুৰা মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰে । চৰকাৰী নিৰিখনুযায়ী পিঁয়াজ বিক্ৰী কৰাবলৈ ব্যৱসায়ীসকলক বাধ্য কৰিব নোৱাৰাটো স্থানীয় যোগান বিভাগৰ ব্যৰ্থতা বুলি মন্তব্য কৰে একাংশ স্থানীয় জনতাই ৷ তাৰোপৰি একাংশ গ্ৰাহকে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি অসমত কেৱল অপদার্থ মন্ত্ৰী থকাৰ বাবেই এইদৰে মূল্যবৃদ্ধি হৈছে বুলি উল্লেখ কৰে ।