ETV Bharat / state

Suicide case at Dhubri District Jail : কয়দীৰ আত্মহত্যাক লৈ ধুবুৰী কাৰাগাৰত ৰহস্যঘন পৰিস্থিতি

author img

By

Published : Apr 18, 2023, 11:02 AM IST

ধুবুৰী জিলা কাৰাগাৰত কয়দীৰ ৰহস্যজনক আত্মহত্যা । স্নানাগাৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো । আত্মহত্যা নহয়, হত্যা কৰা সন্দেহ পৰিয়ালৰ (Prisoner suicide case in Dhubri District Jail) ।

Mysterious suicide case
মৃত জিয়াৰুল হক

ধুবুৰী জিলা কাৰাগাৰত কয়দীৰ ৰহস্যজনক আত্মহত্যা

ধুবুৰী, 18 এপ্ৰিল : ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত কয়দীৰ আত্মহত্যাক লৈ সৃষ্টি হৈছে ৰহস্যঘন পৰিস্থিতি । ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত এজন কয়েদীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰী সদৰ চহৰৰ ইন্দিৰা গান্ধী পথৰ চৈধ্য নম্বৰ ৱাৰ্ডৰ বাসিন্দা আব্দুছ ছাত্তাৰৰ পুত্ৰ জিয়াৰুল হক (28) বিলাসীপাৰা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 120 (B)/420, 379 ধাৰাত ৰুজু হৈ থকা এক গোচৰৰ ভিত্তিত তিনিদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল জিয়াৰুল (Prisoner suicide cas at Dhubri District Jail)।

ধুবুৰী আদালতত দোষী সাব্যস্ত হোৱাৰ পিচতে 14 এপ্ৰিলৰ দিনা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল জিয়াৰুলক । কিন্তু সোমবাৰৰ সন্ধিয়াৰ ভাগত ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত থকা কয়দীৰ স্নানাগাৰত হঠাৎ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় কয়দী জিয়াৰুল হক । কিন্তু আৰক্ষী প্ৰশাসন অথবা কাৰাগাৰ কৰ্তৃপক্ষই এয়া আত্মহত্যা বুলি ক’ব বিচাৰিলেও জিয়াৰুলৰ পৰিয়ালৰ লোকে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰে গুৰুতৰ অভিযোগ (Mysterious suicide case at Dhubri District Jail) ।

সমগ্ৰ ঘটনাটো হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে । একেদৰে ঘটনাটো আত্মহত্যাই বা হত্যাকাণ্ডই হওঁক, কাৰাগাৰৰ ভিতৰত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যস্তনীৰ মাজত এনে ঘটনা কিদৰে সংঘটিত হ’বলৈ পালে বুলিও সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে । জিলা কাৰাগাৰত দণ্ডাধীশ আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত (Allegation against Dhubri District Jail) ।

কাৰাগাৰৰ ভিতৰতে এটা কয়দীৰ এনে ৰহস্যজনক মৃত্যু সহজভাবে মানি ল’ব বিচৰা নাই পৰিয়াল আৰু গাঁওবাসীয়ে । পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি দাবী কৰিলেও আৰক্ষী আৰু দণ্ডাধীশ পৰ্যায়ৰ বিষয়ৰ উচিত তদন্তৰ পিচতহে স্পষ্ট হ’ব মৃত্যুৰ প্ৰকৃত ৰহস্য (Suicide case in jail) ।

লগতে পঢ়ক : Public work for Making river bridge : নিৰ্বিকাৰ চৰকাৰ; ৰাইজৰ উদ্যোগত নিৰ্মাণ হ’ল দলং

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.