ধুবুৰী, 7 এপ্ৰিল : ধুবুৰী জিলাৰ চাপৰত কৰ'ণা ভাইৰাছত এজন লোক আক্ৰান্ত হোৱাৰ পাচতে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ ইয়াৰ পাচতে প্ৰশাসনে চাপৰ হাস্পতাল আৰু আক্ৰান্ত লোকজনৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰত্ব পৰ্যন্ত বিস্তীৰ্ণ এলেকা ছীল কৰিছে ৷
আনহাতে, চাপৰত সকলো ধৰণৰ দোকান-পোহাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি ঘোষণা কৰিছে প্ৰশাসনে ৷