নতুন দিল্লী : ৰাষ্ট্ৰীয় ৰাজধানী, নয়দা, গাজিয়াবাদ আৰু গুৰুগ্ৰামত বায়ুৰ গুণমান 'ভয়ংকৰভাৱে উচ্চ' স্তৰত উপনীত হৈছে । বেছিভাগ বায়ু গুণমান সূচক (AQI) ষ্টেচনে মঙলবাৰে পুৱাও এই সূচক 500 স্পৰ্শ কৰা দেখুৱাইছে । ফলত চিকিৎসকসকলে জনস্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা ক্ষতিকাৰক বায়ুমণ্ডলীয় উপাদান বৃদ্ধিৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে ।
বি এল কে হাস্পতালৰ বক্ষ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বিভাগীয় মুৰব্বী ডাঃ সন্দীপ নায়াৰ আৰু বক্ষ বিশেষজ্ঞ ডাঃ ভাৰত গোপালে ইটিভি ভাৰতক বায়ুৰ গুণমান স্তৰ অৱনতি হোৱাৰ ফলত নাগৰিকসকলৰ বিপদাশংকাৰ বিষয়ে কিছু কথা অৱগত কৰে ।
গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক সমস্যাবোৰৰ বিষয়ে উল্লেখ কৰি ডাঃ গোপালে কয় যে এমোনিয়া আৰু নাইট্ৰ'জেন-ডাই-অক্সাইডৰ দৰে গেছবোৰ গুণমানৰ ভিতৰত আছে, কিন্তু বেঞ্জিনৰ পৰিমাণ নিৰ্ধাৰিত গুণমানতকৈ যথেষ্ট বেছি । ইয়ে গুৰুতৰ স্বাস্থ্য বিপদাশংকা সৃষ্টি কৰে ।
"বেঞ্জিনৰ বিষয়ে ক'বলৈ গ'লে, ই চকুৰ গুৰুতৰ ক্ষতি কৰিব পাৰে । ই কোষবোৰত অক্সিজেনৰ প্ৰবাহ প্ৰতিহত কৰে । কেৱল এয়াই নহয়, ই আমাৰ শৰীৰত গুৰুতৰ এলাৰ্জী সৃষ্টি কৰাৰ বাবেও দায়বদ্ধ । ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এন চি আৰ) বায়ুমণ্ডলত বেঞ্জিন বৃদ্ধিয়ে ক'ৰবাত এক ডাঙৰ উদ্যোগত গেছ নিৰ্গমনৰ ইংগিত দিয়ে ।" ডাঃ গোপালে কয় ।
আনহাতে, ডাঃ গোপালে দিল্লীত সংকটপূৰ্ণ পৰিস্থিতিৰ বিষয়ে আৱাসীসকলক সতৰ্ক কৰি দি তেওঁলোকক অত্যন্ত সতৰ্ক হ'বলৈ কয় । তেওঁ কয়, "অতি প্ৰয়োজন হ'লেহে ঘৰৰ বাহিৰলৈ ওলাওক, যাতে আপোনালোকে বায়ুমণ্ডলত থকা বিপজ্জনক গেছবোৰৰ পৰা আঁতৰি থাকিব পাৰে ।"
ৰাষ্ট্ৰীয় ৰাজধানীৰ বাসিন্দাসকলে সঠিকভাৱে উশাহ ল'ব পৰা নাই, যাৰ ফলত তেওঁলোকক দুৰ্বল কৰি পেলাইছে । ডাঃ নায়াৰে কয় যে বায়ুত মাৰাত্মক অক্সাইডৰ উপস্থিতি, যেনে কাৰ্বন মনোক্সাইড, ছালফাৰ অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইডৰ ফলত প্ৰদূষণৰ স্তৰ বৃদ্ধি হয়, হাওঁফাওঁ ক্ষতিগ্ৰস্ত হয় আৰু শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট হয় ।
"পেট্ৰ'ল আৰু ডিজেল জ্বলিলে এই ক্ষতিকাৰক গেছবোৰ নিৰ্গত হয়, যাৰ ফলত উশাহ-নিশাহত সমস্যা হয়, চকু জ্বলা-পোৰা অনুভৱ হয় আৰু মূৰৰ বিষ হয় । বায়ুত সীহৰ উপস্থিতি বিপজ্জনক, কিয়নো ইয়াক উশাহত ল'লে শৰীৰত কৰ্কট কোষৰ বিকাশত সহায় কৰিব পাৰে ।" ডাঃ নায়াৰে লগতে কয় ।
বায়ুত থকা এই ক্ষতিকাৰক উপাদানবোৰে মানুহৰ হাড় দুৰ্বল কৰে । এই কথা উল্লেখ কৰি চিকিৎসকগৰাকীয়ে কয়, "এইকাৰণে যোৱা দুসপ্তাহত প্ৰদূষণত ভুগি থকা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । ৰোগীসকলৰ মাজত হাঁপানী ৰোগৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে, চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডবোৰত অত্যধিক ভিৰ হৈছে ।"
উল্লেখ্য যে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ কোনো ইতিহাস নথকা লোকসকলো এতিয়া চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি চিকিৎসকে কয় । "বমি, মূৰৰ বিষ আৰু চকুত জ্বলা-পোৰা সংবেদনৰ সমস্যা থকা কেইবাজনো ৰোগীয়েও চিকিৎসকৰ কাষ চাপিছে ।" ডাঃ নায়াৰে কয় যে এই প্ৰৱণতা ইয়াত বায়ুমণ্ডলত ক্ষতিকাৰক গেছৰ উপস্থিতিৰ প্ৰত্যক্ষ ফলাফল ।
সাৱধানতামূলক ব্যৱস্থাৰ কথা উল্লেখ কৰি ডাঃ নায়াৰে কয় যে ঘৰত ধূপকাঠিৰ ব্যৱহাৰ তৎক্ষণাৎ নিষিদ্ধ কৰিব লাগিব । "পৰিষ্কাৰ-পৰিচ্ছন্নতাই হৈছে ঈশ্বৰীয়ত্ব । মানুহে তেওঁলোকৰ ঘৰবোৰ সম্পূৰ্ণ পৰিষ্কাৰ আৰু পৰিপাটি কৰি ৰাখিব লাগিব । পেট্ৰ'ল আৰু ডিজেল ব্যৱহাৰ কৰি নিৰ্গত হোৱা বিষাক্ত গেছৰ পৰা পৰিৱেশ ৰক্ষা কৰিবলৈ ব্যক্তিগত পৰিবহণৰ পৰিৱৰ্তে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিব । লগতে যিমান সম্ভৱ কম ঘৰৰ বাহিৰলৈ যাওক । আপোনাৰ পৰিয়ালৰ শিশু আৰু বৃদ্ধসকলৰ বিশেষ যত্ন ল'ব । যদি আপুনি একেবাৰে জৰুৰীকালীন অৱস্থাত বাহিৰলৈ যোৱাৰ প্ৰয়োজন হয়, তেন্তে মাস্ক পিন্ধিবলৈ নাপাহৰিব ।" ডাঃ নায়াৰে লগতে কয় ।
মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰিস্থিতি
মঙলবাৰে এন চি আৰক প্ৰচণ্ড ধোঁৱাৰ আচ্ছাদনেৰে আৱৰি ৰখাৰ একেৰাহে সপ্তমটো দিন হিচাপে চিহ্নিত কৰা হৈছে । যাৰ ফলত জনস্বাস্থ্যৰ বিপদাশংকাৰ বিষয়ে সতৰ্কতা সৃষ্টি হৈছে ।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চি পি চি বি) তথ্য অনুসৰি, আনন্দ বিহাৰ, অশোক বিহাৰ, বাৱানা, জাহাংগীৰপুৰী আৰু দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামৰ দৰে এলেকাসমূহত পুৱা ৫ বজাৰ ভিতৰত এ কিউ আইৰ স্তৰ ৫০০ নথিভুক্ত কৰা হৈছে, যিয়ে পৰিস্থিতিৰ গম্ভীৰতা বুজাইছে ।
বিষাক্ত বায়ুৰ গুণমান প্ৰতিকূল বতৰৰ পৰিস্থিতি আৰু চুবুৰীয়া ৰাজ্যসমূহত ব্যাপকভাৱে শস্যৰ অৱশিষ্ট জ্বলোৱাটোক দায়ী কৰা হৈছে । এই পৰিস্থিতিটোক 'চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা' বুলি অভিহিত কৰি দিল্লী চৰকাৰে প্ৰতিষ্ঠানসমূহক জনস্বাস্থ্য সুৰক্ষাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।