ETV Bharat / bharat

অৰুণাচলৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনাৰ 'পূৰ্বী প্ৰহৰ' অনুশীলনৰ সামৰণি - INDIAN ARMY

পূৰ্বী প্ৰহৰ অনুশীলনত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে বায়ু, স্থল আৰু সাগৰীয় উপাদানসমূহেৰে জটিল অভিযানত নিজৰ অতুলনীয় যুদ্ধ ক্ষমতা প্ৰদৰ্শন কৰে ।

Indian Army Poorvi Prahar Exercise
ভাৰতীয় সেনাৰ পূৰ্বী প্ৰহৰ অনুশীলন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 3:54 PM IST

তেজপুৰ : অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত ভাৰত-চীন সীমান্তত ভাৰতীয় সেনাৰ তিনিওটা বাহিনীৰ বৃহৎ সামৰিক অনুশীলনৰ সামৰণি পৰে । মুঠ ৯ দিন ধৰি চলা এই সামৰিক অনুশীলনত সামৰিক শক্তিৰ এক উল্লেখযোগ্য প্ৰদৰ্শন কৰে ভাৰতীয় সেনাই । ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাই যৌথভাৱে চলোৱা অনুশীলন 'পূৰ্বী প্ৰহৰ' (POORVI PRAHAR) অনুষ্ঠিত কৰি এক বাস্তৱিক যুদ্ধৰ পৰিস্থিতিত নিজৰ অতুলনীয় যুদ্ধৰ দক্ষতা প্ৰদৰ্শন কৰে ।

তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লেফ্টনেণ্ট কৰ্ণেল অতুল শ্ৰীধৰণে এক বিবৃতিত কয়, "এই বিস্তৃত অনুশীলনে চোৰাংচোৱা সংগ্ৰহ, চোৱাচিতা, গোপনীয়তা, দ্ৰুত গতিত সংগঠন, নিয়োগ/পুনৰ নিয়োগ আৰু কাৰ্যকৰী ক্ষেত্ৰত যৌথ গঠনৰ এক সাফল্য প্ৰদৰ্শন কৰে।"

Indian Army Poorvi Prahar Exercise
বায়ুসেনাৰ হেলিকপ্টাৰৰ অনুশীলন (ETV Bharat Assam)

শ্ৰীধৰণে লগতে কয়, "এই অনুশীলনত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ব্যতিক্ৰমী শক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় । কাৰণ ইউনিটসমূহে তেওঁলোকৰ যুদ্ধৰ মিছন সফলতাৰ নিশ্চয়তা দিবলৈ উচ্চ প্ৰযুক্তিৰ সঁজুলি ব্যৱহাৰ কৰি নিখুঁত আক্ৰমণৰ ক্ষমতা প্ৰদৰ্শন কৰে । এই অনুশীলনে সেৱাসমূহৰ মাজত সংহতিৰ শক্তি আৰু অভিযানত জয় নিশ্চিত কৰাৰ বাবে অসামৰিক-সামৰিক দুয়োটাৰ সংযোজন প্ৰদৰ্শন কৰে ।"

সেনাবাহিনীৰ শীৰ্ষ বিষয়াৰ সহযোগিতা

সামৰিক বাহিনীৰ এই বৃহৎ অনুশীলনত লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰী, ইউ ৱাই এছ এম, এ ভি এছ এম, এছ এম, জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ, ইষ্টাৰ্ণ কমাণ্ড আৰু এয়াৰ মাৰ্শ্বাল আই এছ ৱালিয়া, এ ভি এছ এম, ভি এম, ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ জ্যেষ্ঠ কৰ্মচাৰী আৰু প্ৰশাসনিক বিষয়াই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ।

দুই শীৰ্ষ বিষয়াই অৰুণাচল প্ৰদেশৰ পাহাৰীয়া ভূখণ্ডত আক্ৰমণাত্মক কৌশলৰ এই বৃহৎ অনুশীলনৰ সাক্ষী হয় । কাৰণ ইয়াত ব্যৱহাৰ কৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল । অংশগ্ৰহণকাৰী সেনাই প্ৰদৰ্শন কৰা নিখুঁততাৰ শলাগ লৈ সেনা অধিনায়কে ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ুসেনাৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে যৌথ অনুশীলন গঠন আৰু ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

উন্নতমানৰ অস্ত্ৰৰ ব্যৱহাৰ

ইষ্টাৰ্ণ থিয়েটাৰত ইমান বৃহৎ পৰিসৰত প্ৰথমবাৰৰ বাবে একাধিক পদ্ধতিৰ মাজেৰে সংহত যৌথ অভিযান চলোৱা হয় । এই অনুশীলনত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শক্তিৰ পূৰ্ণাংগ প্ৰদৰ্শন আছিল । ইয়াত উন্নত অস্ত্ৰ ব্যৱস্থা যেনে এম-৭৭৭ হাউৱিটজাৰ, নৌসেনাৰ মেৰিটাইম পেট্ৰ’ল আৰু ৰিকনেছান্স এয়াৰক্ৰাফ্ট পি-৮ আই, শ্বাৰ্ম ড্ৰ’ন, ফাৰ্ষ্ট পাৰ্চন ভিউ (এফ পি ভি) ড্ৰ’ন আদি প্ৰদৰ্শন আৰু কঢ়িয়াই নিয়া অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ কৰা হয় বুলি জনায় শ্ৰীধৰণে ।

Indian Army Poorvi Prahar Exercise
অনুশীলনত অংশগ্ৰহণ কৰা ভাৰতীয় সেনা (ETV Bharat Assam)

ইয়াৰ উপৰি কাৰ্যকৰী ফলপ্ৰসূতা বৃদ্ধিৰ বাবে চিনুক আৰু লাইট কম্বেট হেলিকপ্টাৰ আৰু প্ৰচণ্ডৰ দৰে শেহতীয়া ঘৰুৱা ব্যৱস্থাৰে নিৰ্মিত হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয় । ভাৰতীয় বায়ুসেনাত প্রচণ্ড হেলিকপ্টাৰ শেহতীয়াকৈ সংযোজন কৰা হৈছে । এই হেলিকপ্টাৰ ইউনিট উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত তেজপুৰ মিছামাৰী বায়ুসেনা ঘাটিত স্থাপন কৰা হয় ।

অনুশীলনৰ উপাদানসমূহ

এই পূৰ্বী প্ৰহৰ অনুশীলনৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে বায়ু, স্থল আৰু সাগৰীয় উপাদানসমূহ অন্তৰ্ভুক্ত কৰি জটিল অভিযান চলাই নিজৰ অতুলনীয় যুদ্ধ ক্ষমতা প্ৰদৰ্শন কৰে । এই অনুশীলনত তৃতীয় মাত্ৰাৰ বৃহৎ যুদ্ধৰ সফল পদ্ধতি অৱলম্বন কৰি নতুন প্ৰজন্মৰ উন্নত সঁজুলিৰ দ্বাৰা পৰ্যাপ্তভাৱে শক্তিশালী কৰা হৈছে । কাৰণ বিভিন্ন প্ৰত্যাহ্বানমূলক ভূখণ্ড আৰু ঘন অৰণ্যত ইলেক্ট্ৰ'নিক যুদ্ধ পৰিৱেশত নিখুঁততা আৰু দক্ষতা প্ৰদৰ্শন কৰা হয় ।

এই অনুশীলনত বিশেষ বাহিনীৰ বাবে এটা উদ্দেশ্যৰ ওপৰত ট্ৰাই ছাৰ্ভিচ কম্বেট ফ্ৰী অৰ্থাৎ তিনিটা বিভাগৰ সামৰিক যুদ্ধাভ্যাস ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় বুলি প্ৰতিৰক্ষা মুখপাত্ৰ শ্ৰীধৰণে জনায় ।

পূৰ্বী প্ৰহৰ অনুশীলনৰ ফলাফল

ভাৰতৰ সশস্ত্ৰ বাহিনীৰ মাজত বিশেষ সহযোগিতা আৰু সংহতিৰ জৰিয়তে শক্তিশালী প্ৰতিৰক্ষা দিশৰ নিয়ন্ত্ৰণ বজাই ৰখাৰ প্ৰতিশ্ৰুতিৰে যৌথ দায়বদ্ধতাৰ প্ৰমাণ হৈছে এই অনুশীলন । এই যৌথ অনুশীলনৰ সফল ৰূপায়ণে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কাৰ্যকৰী প্ৰস্তুতিক অধিক শক্তিশালী কৰাই নহয়, ভৱিষ্যতে উদ্ভৱ হ’ব পৰা যিকোনো নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত বুলি দেশবাসীক আশ্বস্ত কৰে বুলি শ্ৰীধৰণে কয় ।

লগতে পঢ়ক :অৰুণাচলৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনাৰ পূৰ্বী প্ৰহৰ অনুশীলন
লগতে পঢ়ক :কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে চলিব ব্যাপক অভিযান; মণিপুৰৰ শাসক পক্ষৰ সংকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.