ETV Bharat / technology

নীতি উলংঘা! মেটাক 213 কোটি টকাৰ জৰিমনা ভাৰতৰ এণ্টিট্ৰাষ্ট নিৰীক্ষণকাৰীৰ - CCI FINES META

ভাৰতৰ এণ্টিট্ৰাষ্ট নিৰীক্ষণকাৰীৰ মেটালৈ নিৰ্দেশনা । 2021 চনৰ গোপনীয়তা নীতিৰ আপডেটক লৈ হোৱাটছএপৰ মূল কোম্পানী মেটাক যথেষ্ট পৰিমাণৰ জৰিমনা বিহিছে এণ্টিট্ৰাষ্ট চোৱাচিতাকাৰী সংস্থাটোৱে ।

meta-fined-rs-213-crore-over-whatsapp-privacy-policy-by-competition-regulator
নীতি উলংঘা! মেটাক 213 কোটি টকাৰ জৰিমণা ভাৰতৰ এণ্টিট্ৰাষ্ট নিৰীক্ষণকাৰীৰ (File)
author img

By ETV Bharat Tech Team

Published : Nov 19, 2024, 1:28 PM IST

Updated : Nov 19, 2024, 4:03 PM IST

হায়দৰাবাদ: মেছেজিং প্লেটফৰ্মৰ 2021 চনৰ বিতৰ্কিত গোপনীয়তা নীতি আপডেটৰ বাবে মেটাক যথেষ্ট জৰিমনা বিহা হৈছে । হোৱাটছএপৰ মূল কোম্পানী মেটাক 213.14 কোটি টকাৰ জৰিমনা বিহিছে এণ্টিট্ৰাষ্ট নিৰীক্ষণ সংস্থাটোৱে । এই সন্দৰ্ভত মন্তব্য কৰি ভাৰতীয় প্ৰতিযোগিতা আয়োগে কয় যে গোপনীয়তা নীতি কেনেকৈ কাৰ্যকৰী কৰা হয় আৰু ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ কৰি অন্যান্য মেটা কোম্পানীসমূহৰ সৈতে ভাগ-বতৰা কৰা হয় তাৰ ওপৰত শাস্তি গ্ৰহণ কৰিব ।

আয়োগে নিৰ্দেশ দিয়ে যে হোৱাটছএপে নিজৰ প্লেটফৰ্মত সংগ্ৰহ কৰা ব্যৱহাৰকাৰীৰ তথ্য বিজ্ঞাপনৰ উদ্দেশ্যে অন্য মেটা কোম্পানী বা মেটা কোম্পানীৰ সামগ্ৰীৰ সৈতে শ্বেয়াৰ নকৰে । 5 বছৰ ধৰি এই নিষেধাজ্ঞা জাৰি কৰা হৈছে । আয়োগে মেটা আৰু হোৱাটছএপক নিৰ্দিষ্ট সময়ৰ ভিতৰত কিছুমান সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।

আয়োগে 2021 চনৰ নীতি আপডেটটো অনুপযুক্ত বুলি বিবেচনা কৰে । আয়োগে নিজৰ আদেশত উল্লেখ কৰে যে মেটাই আপডেট কৰি প্ৰতিযোগিতা আইন উলংঘা কৰিছে । আয়োগে জনোৱা মতে, হোৱাটছএপ সেৱা প্ৰদানৰ বাহিৰে অন্য উদ্দেশ্যত মেটা কোম্পানীসমূহৰ মাজত হোৱাটছএপৰ তথ্য ভাগ-বতৰা কৰাটো মেটাৰ প্ৰতিযোগী কোম্পানীসমূহৰ বাবে প্ৰৱেশত বাধা ।

ইয়াৰ ফলত আন কোম্পানীয়ে ডিছপ্লে এডভাৰটাইজিং বজাৰত প্ৰৱেশ কৰিব নোৱাৰে । অনলাইন ডিছপ্লে বিজ্ঞাপন বজাৰত নিজৰ স্থান ৰক্ষা কৰিবলৈ স্মাৰ্টফোনৰ জৰিয়তে অ’টিটি মেছেজিং এপছৰ বজাৰত নিজৰ আধিপত্য ব্যৱহাৰ কৰিছে মেটাই । আয়োগে এইটো আইন উলংঘা বুলি কয় ।

2021 চনৰ গোপনীয়তা ভংগ

2021 চনৰ জানুৱাৰী মাহত হোৱাটছএপে ইয়াৰ সেৱা আৰু গোপনীয়তা নীতিৰ আপডেটৰ বিষয়ে ব্যৱহাৰকাৰীক অৱগত কৰিবলৈ আৰম্ভ কৰে । আবেদনখনত উল্লেখ কৰা অধিসূচনাত উল্লেখ কৰা হৈছে যে 2021 চনৰ 8 ফেব্ৰুৱাৰীৰ পৰা প্ৰযোজ্য চৰ্তসমূহ গ্ৰহণ কৰাটো বাধ্যতামূলক । এই আপডেটত তথ্য সংগ্ৰহৰ পৰিসৰ বৃদ্ধি কৰি মেটা কোম্পানীসমূহৰ সৈতে তথ্য ভাগ-বতৰা কৰাটো বাধ্যতামূলক কৰা হৈছে । 2016 চনৰ 25 আগষ্টৰ গোপনীয়তা নীতিত হোৱাটছএপ ব্যৱহাৰকাৰীক ফেচবুকৰ সৈতে ডাটা শ্বেয়াৰ কৰিব বিচাৰে নে নিবিচাৰে তাৰ বাবে এটা বাছনি দিয়া হৈছে । কিন্তু 2021 চনৰ নীতি আপডেটত হোৱাটছএপে সকলো ব্যৱহাৰকাৰীৰ বাবে মেটাৰ সৈতে ডাটা শ্বেয়াৰিং বাধ্যতামূলক কৰি তুলিছিল ।

পাঁচ বছৰৰ বাবে নিষেধাজ্ঞা

আয়োগে হোৱাটছএপক নিজৰ প্লেটফৰ্মত সংগ্ৰহ কৰা ব্যৱহাৰকাৰীৰ তথ্য বিজ্ঞাপনৰ উদ্দেশ্যে অন্য মেটা কোম্পানী বা মেটা কোম্পানীৰ সামগ্ৰীৰ সৈতে শ্বেয়াৰ নকৰিবলৈ নিৰ্দেশ দিছে । 5 বছৰ ধৰি এই নিষেধাজ্ঞা জাৰি কৰা হৈছে । ইয়াৰ উপৰিও যদি WhatsApp এ বিজ্ঞাপনৰ বাহিৰে অন্য কোম্পানীৰ সৈতে ব্যৱহাৰকাৰীৰ তথ্য শ্বেয়াৰ কৰে তেন্তে তথ্যৰ সম্পূৰ্ণ বিৱৰণ আৰু ইয়াক শ্বেয়াৰ কৰা উদ্দেশ্য জনাব লাগিব ।

ব্যৱহাৰকাৰীৰ বাবে কোনো চৰ্ত নাই

আয়োগে কয় যে ভাৰতত হোৱাটছএপ সেৱা ব্যৱহাৰ কৰিলে ব্যৱহাৰকাৰীয়ে নিজৰ হোৱাটছএপ ডাটা অন্য মেটা কোম্পানী বা মেটা কোম্পানীৰ সামগ্ৰীৰ সৈতে শ্বেয়াৰ কৰিব নালাগিব । হোৱাটছএপে ব্যৱহাৰকাৰীক জাননীৰ জৰিয়তে অৱগত কৰিব লাগিব যে তেওঁলোকে যিকোনো সময়তে নিজৰ ডাটা শ্বেয়াৰ কৰাৰ সিদ্ধান্ত সলনি কৰিব পাৰে । 2021 চনৰ আপডেটত হোৱাটছএপৰ চৰ্ত আৰু নিয়ম গ্ৰহণ কৰা ব্যৱহাৰকাৰীসকলৰ বাবেও এই বিকল্প উপলব্ধ হ’ব ।

আয়োগে লগতে নিৰ্দেশ দিয়ে যে হোৱাটছএপে ব্যৱহাৰকাৰীসকলক ডাটা শ্বেয়াৰিঙৰ সন্দৰ্ভত নিজৰ বিকল্প সলনি কৰাৰ বিকল্পও দিব লাগে । ইয়াৰ বাবে হোৱাটছএপ ছেটিংছত এটা টেব প্ৰদান কৰিব লাগিব । ভৱিষ্যতৰ সকলো নীতি আপডেটত এই নিয়ম মানি চলিব লাগিব বুলি আয়োগে জনায় ।

সংবাদ সূত্ৰৰ বাতৰি অনুসৰি মেটাই এই সিদ্ধান্ত মানি লোৱা নাই আৰু এই নিৰ্দেশ সন্দৰ্ভত পুনৰ বিবেচনাৰ বাবে ভাৰতৰ এণ্টিট্ৰাষ্ট নিৰীক্ষণকাৰীক আবেদন জনাব ৷

লগতে পঢ়ক: গুগলৰ সৈতে প্ৰতিযোগিতাত নামিব পাৰিব মেটাই : ৰিপ’ৰ্ট

Meta AI ত সংৰক্ষিত হ’ব আপোনাৰ WhatsApp chat

Last Updated : Nov 19, 2024, 4:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.