ETV Bharat / state

কোৱাৰেণ্টাইনত থকা লোকৰ আত্মহত্যা - সুনীল ৰায়

ধুবুৰী চহৰৰ আজিজ লজত চিপ লৈ থকা অৱস্থাত সুনিল ৰায়ৰ মৃতদেহ উদ্ধাৰ ৷ ১৪ জুনত ছাগলীয়া সীমান্তৰে অসমত প্ৰৱেশ কৰাৰ পাছত ছাগলীয়াৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল সুনিল ৰায়ক । ইয়াৰ পাছতে প্ৰশাসনে COVID-19 ৰ নমুনা সংগ্ৰহ কৰি হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ যোৱাৰ অনুমতি দিয়ে লোকজনক ।

Dhubri
ধুবুৰী
author img

By

Published : Jun 22, 2020, 4:16 PM IST

ধুবুৰী, 22 জুন : কৰ'ণাতংকৰ মাজতেই সোমবাৰে ধুবুৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । হোটেলৰ কোঠাত চিপজৰি লোৱা অৱস্থাত উদ্ধাৰ হয় জিলা প্ৰশাসনে হোম কোৱাৰেণ্টাইন কৰা সুনীল ৰায় নামৰ এজন লোকৰ মৃতদেহ । শিলিগুৰীৰ এটা বিস্কুট ফেক্টৰীত কৰ্মৰত আছিল সুনীল ৰায় ৷ কিন্তু লক্​ ডাউনৰ বাবে ফেক্টৰীৰ কাম বন্ধ হৈ থকাত ধুবুৰীলৈ আহিছিল লোকজন ৷

তথ্য অনুসৰি, ১৪ জুনত ছাগলীয়া সীমান্তৰে অসমত প্ৰৱেশ কৰাৰ পাছত ছাগলীয়াৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল সুনিল ৰায়ক । ইয়াৰ পাছতে প্ৰশাসনে COVID 19 ৰ নমুনা সংগ্ৰহ কৰি হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ যোৱাৰ অনুমতি দিয়ে লোকজনক । লগতে সুনীল ৰায়ৰ COVID 19 ৰ ফলাফল নিগেটিভ উলায় ৷

ধুবুৰী

লগতে পঢ়কঃ বঙাইগাঁৱত ভূত বাংলোত পৰিণত এখন পশু চিকিৎসালয়

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি হোম কোৱাৰেন্টাইনৰ বাবে লোকজনে ধুবুৰীৰ আৰ কে মিছন ৰোডত থকা নিজ ভাড়া ঘৰলৈ আহে যদিও ভাড়াঘৰৰ মালিকে ঘৰত প্ৰৱেশ কৰাৰ অনুমতি নিদিয়ে সুনিল ৰায়ক ৷ সেয়ে 19 জুনৰ নিশা ধুবুৰী চহৰৰ আজিজ লজত এটা ৰোম লয় সুনিল ৰায়ে। 20 জুনৰ পুৱা লজ কতৃপক্ষই হোটেলৰ কোঠাত সুনীল ৰায়ক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সুনীল ৰায়ৰ মৃতদেহ উদ্বাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিংসালয়লৈ প্ৰেৰণ কৰে ৷

ইপিনে সুনীল ৰায়ৰ সুনিল ৰায়ৰ ভাড়াঘৰটোৰ মালিক তেওঁৰ নিজ ভনী জোঁৱায়েক বুলি জানিবলৈ দিছে সুনীল ৰায়ৰ ভাতৃয়ে । যদিও সুনীল ৰায়ৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু নিজ ভনী জোঁৱায়েকে ভাড়াঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবেই সুনীল ৰায়ে আত্মহত্যাৰ পথ বাছি লোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে ৷ এতিয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.