ETV Bharat / state

ধুবুৰীত পুনৰ এগৰাকী ক'ভিড-19 ৰোগীৰ মৃত্যু - ধুবুৰী জিলা প্ৰশাসন

ধুবুৰীত পুনৰ এগৰাকী ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । বুধবাৰে নিশা ৪২ বছৰীয়া মহিলাগৰাকীৰ মৃত্যু হয় ধুবুৰী অসামৰিক চিকিৎসালয়ত ।

One died in Dhubri due to Covid-19
ধুবুৰীত পুনৰ এগৰাকী ক'ভিড-19 ৰোগীৰ মৃত্যু
author img

By

Published : Aug 6, 2020, 10:45 AM IST

ধুবুৰী, 6 আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । ইতিমধ্যে জিলাখনত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 1,322 গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে 939 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে । কিন্তু এনে সময়তে জিলাখনত দুজনকৈ ৰোগীৰ মৃত্যু হয় ।

কিছুদিন পূৰ্বে এগৰাকী বৃদ্ধৰ মৃত্যু হোৱাৰ পিছত বুধবাৰে নিশা মৃত্যু হয় এগৰাকী মহিলাৰ । জানিব পৰামতে, বুধবাৰে অসুস্থ অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বিলাসীপাৰাৰ শগুণমাৰী গাঁও পঞ্চায়তৰ বছিৰচৰ গাঁৱৰ বাসিন্দা ফৰমান আলীৰ পত্নী জয়নৱ ভানু (42) নামৰ মহিলা গৰাকীক । বুধবাৰে নিশাৰ ভাগত শেষ নিঃশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে ।

ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা মাজনিশা মহিলাগৰাকীৰ মৃতদেহ নিয়া হয় বিলাসীপাৰাৰ শগুণমাৰীলৈ । বৃহস্পতিবাৰে পুৱতি নিশা মহিলাগৰাকীৰ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হয় । উল্লেখযোগ্য যে, ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাই অহাৰ সময়তে জিলাখনত দুজনকৈ ৰোগীৰ মৃত্যু হোৱা ঘটনাই স্বাভাৱিকতে আতংকৰ সৃষ্টি কৰিছে জিলাখনত ।

লগতে পঢ়ক : এগৰাকী যুৱকৰ মহানুভৱতাই নতুন জীৱন দিলে ধেমাজিৰ এটা পৰিয়ালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.