ETV Bharat / state

ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ ডকাইত বগা ছহিদুল - বিলাসীপাৰা

শনিবাৰে নিশা বঙাইগাঁৱৰ পৰা ছয় জনীয়া এটা ডকাইতৰ দলে ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ বাইকেৰে বিলাসীপাৰা অভিমুখে যাত্ৰা কৰা বুলি এক গোপন সূত্ৰৰ তথ্য লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে । তাৰপাছতে আৰক্ষী আৰু ডকাইতৰ দলটোৰ মাজত গুলীয়াগুলি সংঘটিত হয় ৷

ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীৰ গুলিত নিহত দুধৰ্ষ ডকাইত বগা ছহিদুল

author img

By

Published : Sep 12, 2021, 10:37 PM IST

ধুবুৰী,12 ছেপ্তেম্বৰ : ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষ । আৰক্ষীৰ গুলিত নিহত বগা ছহিদুল নামৰ এটা দুৰ্ধৰ্ষ ডকাইত । বঙাইগাঁৱৰ পৰা তিনিখন বাইকলৈ ছয় জনীয়া ডকাইতৰ দলে ডকাইতি কৰিবলৈ বিলাসীপাৰা অভিমুখে আহি আছিল । গোপন সূত্ৰৰ তথ্য লাভ কৰি আৰক্ষীয়ে জাল পেলাই ডকাইত কেইটাক ধৰিবলৈ ৷ তাৰ মাজতেই সংঘটিত হয় এই গুলীয়াগুলি ৷

ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীৰ গুলিত নিহত দুধৰ্ষ ডকাইত বগা ছহিদুল

ধুবুৰীৰ বিলাসীপাৰাত ক’লা ছহিদুল আৰু বগা ছহিদুলে দীৰ্ঘ দিনে ডকাইতিৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল । অৱশেষত শনিবাৰে মাজ নিশা আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হ’ল বগা ছহিদুল নামৰ এটা দুৰ্ধৰ্ষ ডকাইত । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে এটা ৯ এমএম পিষ্টল সহ দুই জাঁই সজীৱ গুলি আৰু দুটা খালি কাৰ্টিজ ।

উল্লেখযোগ্য যে, যোৱা বিগত কেইবছৰ ধৰি বিলাসীপাৰাৰ বিভিন্ন অঞ্চলত সংঘটিত হৈ আহিছে ধাৰাবাহিক ডকাইতি আৰু হত্যাকাণ্ডৰ ঘটনা । ইপিনে শনিবাৰে নিশা বগাইগাঁৱৰ পৰা ছয় জনীয়া এটা ডকাইতৰ দলে ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ বাইকেৰে বিলাসীপাৰা অভিমুখে যাত্ৰা কৰা বুলি এক গোপন সূত্ৰৰ তথ্য লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে ।

সেই সময়তে চাপৰ আৰক্ষী, শালকোঁচা আৰক্ষী, বিলাসীপাৰা আৰক্ষীৰ বৃহৎ দল এটাই বিলাসীপাৰা এছডিপিঅ’ৰ নেতৃত্বত চাপৰ, শালকোঁচা আৰু বেলতলী হাকামা অঞ্চলত নাকা চেকিং বহাই অভিযান চলায় । ডকাইতৰ দলটোক চাপৰ আৰু শালকোঁচাত ৰখাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় আৰক্ষীৰ দলটো ।

লগতে পঢ়কঃ ক’ভিড শেষ হোৱাই নাই; দলে বলে বিজেপিয়ে উলিয়াইছে সমদল !

তাৰপাছত ডকাইতৰ দলটোৰ পিছে পিছে খেদি আহে চাপৰ আৰু শালকোঁচা আৰক্ষী । অৱশ্যে বেলতলী হাকামা অঞ্চলত আৰক্ষীয়ে ডকাইতৰ দলটোক ৰখাবলৈ সক্ষম হয় যদিও আৰক্ষীলৈ লক্ষ্য কৰি গুলিবৰ্ষণ আৰম্ভ কৰে ডকাইতৰ দলটোৱে । আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰাত বগা ছহিদুল নামৰ ডকাইতটো গুলিবিদ্ধ হৈ বাইকৰ পৰা মাটিত ঢলি পৰে ।

আৰক্ষীৰ ৯ ৰাউণ্ড গুলিছালনাৰ এজন গুলিবিদ্ধ হৈ মাটিত ঢলি পৰে যদিও ডকাইতৰ দলটোৰ বাকী পাঁচজন সদস্য এন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় । আনহাতে, গুৰুতৰভাৱে আহত বগা ছহিদুলক উদ্ধাৰ কৰি ওচৰৰ বিলাসীপাৰা চিকিৎসালয় লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে চিকিৎসকে ।

কিন্তু ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে বগা ছহিদুলক মৃত বুলি ঘোষণা কৰে । নিহত দুধৰ্ষ ডকাইত ছহিদুল আলীৰ ঘৰ চাপৰৰ ৰৌমাৰীত । ইপিনে আৰক্ষীৰ গুলিত নিহত হোৱা ডকাইত বগা ছহিদুলৰ পৰা এটা ৯ এমএম পিষ্টল উদ্ধাৰ কৰাৰ লগতে দুই জাঁই সজীৱ গুলি দুটা খালি কাৰ্টিজ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

এই ঘটনাৰ সৰ্ন্দভত ধুবুৰী জিলা আৰক্ষী অধীক্ষক অভিজিৎ গোৰাৱে উল্লেখ কৰা মতে, দীৰ্ঘ দিনৰ পৰা ক’লা ছহিদুল আৰু বগা ছহিদুলে সন্ত্ৰাস চলাই আহিছিল বিলাসীপাৰাৰ ভিন্ন অঞ্চলত । বগা ছহিদুলৰ প্ৰকৃত নাম ছাইদাৰ আলী । কিন্তু তেওঁৰ উপ নাম হৈছে বগা ছহিদুল, ছহিদুল ইছলাম আৰু ছুজি। চাৰিটাকৈ নাম লৈ বিভিন্ন অপৰাধজনিত কাৰ্য সংঘটিত কৰি গৈছিল ছহিদুলে ।

লগতে পঢ়কঃ খিলঞ্জীয়া মুছলমানক গোষ্ঠী হিচাপে ঘোষণাৰ আহ্বান নেকিবুৰ জামানৰ

ছহিদুলৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈ আছে একাধিক গোচৰ । চাপৰ আৰক্ষী থানাত ১২১/১২ আৰু ১৭১/২১ আৰু ৩০৩/২১ নম্বৰত তিনিটাকৈ গোচৰ পঞ্জীয়ন হৈ থকাৰ বিপৰীতে অভয়াপুৰী আৰক্ষী থানাত ৬১/১৯ নম্বৰত ৰুজু হৈ আছে আন এটা গোচৰ । ইপিনে চাপৰ আৰক্ষী থানাত ৰুজু হৈ থকা ১৭১/২১ নম্বৰৰ গোচৰত যোৱা ১৭ মেত গ্ৰেপ্তাৰ হৈ ২১ জুনত জামিন লাভ কৰিছিল ছহিদুলে ।

উল্লেখযোগ্য যে, বিভিন্ন সময়ত চাৰিটাকৈ নাম ব্যৱহাৰ কৰি বিলাসীপাৰাৰ বিভিন্ন অঞ্চলত অপৰাধজনিত ঘটনা সংঘটিত কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বগা ছহিদুলে । অৱশেষত বগা ছহিদুল আৰক্ষীৰ গুলিত নিহত হৈছে যদিও ক’লা ছহিদুল সহ বাকী পাঁচ ডকাইতৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ।

বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাৰ নেতৃত্বত চাপৰ আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দলে, শালকোঁচা আৰক্ষী বিষয়া বিপুল দাস আৰু বিলাসীপাৰা আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰৰ লগতে বৃহৎ এটা আৰক্ষীৰ দলে শনিবাৰে মাজনিশা ডকাইতৰ বিৰুদ্ধে চলাইছিল এই বৃহৎ অভিযান ।

লগতে পঢ়কঃ অস্ত্ৰধাৰী সংগঠন শেষ নোহোৱালৈকে অসমত থাকিব AFSPA : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.