ETV Bharat / state

ধুবুৰী চাপৰত এজনৰ দেহত COVID-19 - হিমন্ত বিশ্ব শৰ্মা

ধুবুৰীৰ চাপৰত মহামাৰী কৰ'ণা আক্ৰান্ত এজন ব্যক্তি । ১৪ মে'ত হায়দাৰাবাদৰ পৰা অসমলৈ আহিছিল ব্যক্তিজন । বৃহস্পতিবাৰে নিশা টুইটযোগে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰা পাচতে কৰ'ণা আক্ৰান্ত ব্যক্তিজনক প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বৰপেটা মেডিকেল লৈ প্ৰেৰণ কৰে ।

author img

By

Published : May 29, 2020, 5:07 PM IST

পূৱ বিলাসীপাৰা, ২৯ মে': ধুবুৰী জিলাৰ চাপৰত মহামাৰী COVID-19ত আক্ৰান্ত এজন ব্যক্তি । বৃহস্পতিবাৰে নিশা টুইটযোগে এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ভাইৰাছত আক্ৰান্ত ব্যক্তিজন বিগত ১৪ মে'ত হায়দাৰাবাদৰ পৰা অসমলৈ আহিছিল বুলি জানিবলৈ দিয়ে । তাৰ পাচতে ছাপটগ্ৰামৰ কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ আছিল ব্যক্তিজন ।

COVID-19
ধুবুৰী চাপৰত এজনৰ দেহত COVID-19

২৩ মে' ত বিলাসীপাৰা ডিপৰখুটি চিকিৎসালয়ত ব্যক্তিজনৰ স্বাৱ সংগ্ৰহ কৰি ২৪ মে' ত চাপৰৰ ছাগলখুটিৰ নিজ ঘৰত হোম কোৱাৰেন্টেইনৰ বাবে পঠিয়াই দিয়ে । কিন্তু বৃহস্পতিবাৰে নিশা ব্যক্তিজনৰ ৰিজাল্ট পজিটিভ অহাৰ পাচতে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কৰ্মী নিশাই কৰ'ণা আক্ৰান্ত ৰোগীজনক বৰপেটা মেডিকেল লৈ প্ৰেৰণ কৰে ।

লগতে শুকুৰবাৰে আক্ৰান্ত ব্যক্তি গৰাকীৰ পৰিয়ালৰ চাৰিজন সদস্যক বিলাসীপাৰা ডিপেৰখুটি চিকিৎসালয়লৈ পঠিয়াই দিয়ে । পৰিয়ালৰ সদস্য কেইগৰাকীৰ টেষ্টৰ পাচতে হোম কোৱাৰেন্টেইন কৰিব বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.