ETV Bharat / state

ধুবুৰী আদালত চৌহদত চাঞ্চল্যকৰ ঘটনাঃ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন লোক - জিলা আদালত

ধুবুৰী জিলা ন্যায়ালয়ৰ চৌহদত উদ্ধাৰ হয় তেজেৰে লুটুৰি-পুতুৰি এজন লোক ৷ ঘটনাক লৈ সৃষ্টি হয় হুলুস্থুলীয়া পৰিৱেশৰ ৷

ধুবুৰী আদালত চৌহদত চাঞ্চল্যকৰ ঘটনাঃ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন লোক
author img

By

Published : Jul 6, 2019, 7:44 PM IST

ধুবুৰী, 6 জুলাইঃ ধুবুৰী আদালতৰ চৌহদত শনিবাৰে উদ্ধাৰ হয় তেজেৰে ৰক্তাক্ত এগৰাকী লোক ৷ 2017 চনৰ এক হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত লোকজনক আদালতৰ চৌহদত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হোৱাক লৈ সৃষ্টি হয় চাঞ্চল্যৰ ৷

অভিযুক্ত লোকজন মানকাচৰৰ খুটামাৰী গাঁৱৰ মুকুল শ্বেখ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, মাজেবুৰ ৰহমান নামৰ এগৰাকী নাবালকক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল মুকুল শ্বেখ ৷ জেলত থকাৰ সময়তে আদালতে মুকুল শ্বেখক জামিন প্ৰদান কৰিছিল ৷ আজিৰ ঘটনাৰ পিচতে আদালতত উপস্থিত থকা অধিবক্তাসকলে ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আদালত চৌহদত নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে ৷

Intro: ধুবুৰীৰ আদালতৰ মজিয়াত চাঞ্চল্যকৰ ঘটনা। হঠাৎ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন লোক। মুহুৰ্তৰ মাজতেই হুৱাদুৱা। এক হুলস্থুলীয়া পৰিৱেশ। কিন্তু কি হৈছে ধুবুৰীৰ আদালতৰ মজিয়াত ?

Body: আজি হঠাৎ হুৱাদুৱা লাগিল ধুবুৰীৰ আদালতৰ মজিয়াত। হঠাৎ এইজন বৃদ্ধই ৰক্তাক্ত অৱস্থাত উপস্থিত হল ধুবুৰী আদালতৰ মজিয়াত। লোকজনৰ এনে ৰক্তাক্ত অৱস্থাই সকলোকে হতবাক কৰি তুলিলে মুহুৰ্তৰ ভিতৰত। ক্ষন্তেক পিছতেই ধুবুৰী আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা লোকজনক উদ্ধাৰ কৰি চিকিৎসালয় নিয়ে। কি হৈছিল আদালতৰ মজিয়াত।
Byte:- জমসেৰ তালুকদাৰ, অধিবক্তা।

দৰাচলতে মানকাচৰৰ খুটামাৰী গাঁওৰ এইজন মুকুল সেখ ২০১৭ চনৰ এক হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত। মাজেদূৰ ৰহমান নামৰ এজন নাবলকক দিন দুপৰতে ডিঙি কাটি অতি নিৰ্মম ভাবে হত্যা কৰিছিল এইজন মুকুল সেখ নামৰ লোকজনে। উক্ত গোচৰত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল মুকুল সেখ। জেলত থাকোতেই জামিন লাভ কৰে হত্যাকাৰী মুকুল সেখ। ইপিনে ধুবুৰী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত উক্ত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল। আজি উক্ত গোচৰৰ ভিত্তিত আদালতে দিয়া নিৰ্দেশ মৰ্মে মুকুল সেখে হাজিৰ হবলৈ উপস্থিত হয়। ইপিনে মুকুল সেখে অভিযোগ কৰা মতে, মানকাচৰৰ পৰা নদী পথেৰে যন্ত্ৰ চলিত নাৱেৰে ধুবুৰী আদালতলৈ যোৱাৰ সময়ত উক্ত গোচৰৰ গোচৰীয়া পক্ষৰ আব্দুল বাতেন নামৰ এজন লোকে চুৰিকাঘাত কৰে মুকুল সেখক। লগে লগে চিঞঁৰি চিঞঁৰি ধুবুৰী আদালতৰ মজিয়াত গৈ উপস্থিত হোৱাৰ লগে লগে হুৱা দুৱাৰ সৃষ্টি হয় ৰাইজৰ মাজত। ইপিনে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ধুবুৰীৰ লগতে ৰাজ্যৰ আইন শৃংখলাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে অধিবক্তা সকলে। নিৰপত্তাহীনতাত ভুগিব লগীয়া হৈছে সাধাৰণ ৰাইজে।
Byte:- মাসুদ আখতাৰ জামান, অধিবক্তা।

Conclusion: উল্লেখযোগ্য যে, নাওঁৰ পৰা নমাৰ সময়তে চুৰিকাঘাত কৰা হৈছে বুলি মুকুল সেখে অৱগত কৰিছে। আনহাতে হত্যাকাণ্ডৰ গোচৰটোৰ অন্ন ৰূপ দিয়াৰ বাবেই মুকুল সেখে এক নাটক মঞ্চস্থ কৰিব পাৰে বুলিও একাংশই কব বিচাৰিছে। কিন্তু এয়া এই মুহূৰ্ত লৈকে প্ৰকৃত তথ্য পোহৰলৈ অহা নাই যদিওঁ প্ৰকৃততে এই ঘটনা কিমানদূৰ সত্য সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছতহে পোহৰলৈ আহিব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.