ধুবুৰী , 28 মে': সোণোৱাল চৰকাৰৰ উন্নয়নে ঢুকি পোৱা নাই দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্ত অঞ্চলৰ কালাপানী -জাংগালত ৷ জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক ডঃ মতিয়াৰ ৰহমান মণ্ডলক বাৰম্বাৰ অৱগত কৰাৰ পিচতো সহাৰি নোপোৱাৰ অভিযোগ ৰাইজৰ ৷
উল্লেখ্য যে স্বাধীনতাৰ পিচৰে পৰা সীমান্ত অঞ্চলৰ কালাপানী -জাংগাল সংযোগী কালো নদীৰ ওপৰত এখন দলঙৰ বাবে স্থানীয় ৰাইজে দাবী জনাই আহিছে ৷ কিন্তু এই পৰ্যন্ত এখন দলং নাপালে ৰাইজে ৷ যাৰ ফলত বছৰ বছৰ ধৰি কণ কণ ছাত্ৰ-ছাত্ৰীকে ধৰি শ শ লোক বাঁহৰ সাঁকোৰে বিপদ সংকুলভাৱে যাতায়ত কৰে৷ প্ৰায় পাঁচ ছয় খন গাঁৱৰ ৰাইজে এইদৰে যাতায়তৰ নামত নৰক যন্ত্ৰণা ভোগ কৰিব লগীয়া হৈছে ৷ ইপিনে এনেৰে যাতায়ত কৰাৰ বাবে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰী ভৰি পিছল খাই নৈৰ বুকুত পৰাৰ ঘটনাও সংঘটিত হৈ আহিছে ৷ তেনে সময়তে আন কালৰ দৰে আজিও এগৰাকী শিশু সাঁকো পাৰ হওঁতে নৈৰ বুকুত পৰি যায় ৷ অৱশ্যে সাঁতুৰীব জনা বাবেই শিশুটিৰ প্ৰাণ ৰক্ষা পৰে ৷ কিন্তু ৰাইজৰ এনে দুৰাৱস্থাৰ পাচতো ভোটাৰ ৰাইজে নিৰ্বাচনৰ পাচত কোনো জনপ্ৰতিনিধিক বিচাৰি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে আজি বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৰাইজ ক্ষুব্ধ হৈ পৰে ৷