ধুবুৰী,3 জানুৱাৰী: ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ ৷ প্ৰতিটো দলে নিজৰ ভেঁটি সৱল কৰাৰ বাবে যো-জা চলাইছে ৷ নিতৌ নতুন কৌশলেৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে উঠি পৰি লাগিছে ৰাজনৈতিক দলসমূহ ৷ তাৰ মাজতে দেওবাৰে অসম জাতীয় পৰিষদ দলে ফকিৰগঞ্জত গঠন কৰিলে আঞ্চলিক সমিটি ৷
![new AJP committee of Phakirganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-3jan-ajp-commitee-visbyte-as10041_03012021194551_0301f_1609683351_481.jpg)
ৰাজ কুমাৰ ৰবিদাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সদ্য পদত্যাগী আছু নেতা শ্বাহীন জাবেদ আহমেদে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদ দলত যোগদান কৰাৰ লগতে ফকিৰগঞ্জ আঞ্চলিকৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে শ্বহিদুৰ ৰহমান জোদ্ধাৰ আৰু ৰেজাবুৰ ৰহমান হাজৰিকাক নিৰ্বাচিত কৰে ৷
লগতে পঢ়ক: ৰাজ্যত পুনৰ আক্ৰমণৰ বলি সাংবাদিক