ETV Bharat / state

ধুবুৰীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নজৰুল হকক উষ্ম আদৰণি

মঙলবাৰে প্ৰাৰ্থিত্ব লাভ কৰি ধুবুৰীত উপস্থিত হয় এআইইউডিএফ-ৰ প্ৰাৰ্থী তথা বিধায়ক নজৰুল হক ৷ ধুবুৰী সমষ্টিত পদাৰ্পণ কৰাৰ মুহুৰ্তত সহস্ৰাধিক দলীয় নেতা-কৰ্মীসকলে এক বিশাল বাইক ৰেলীৰে আদৰণি জনায় বিধায়ক গৰাকীক ৷

nazrul-haque-election-rally
নজৰুল হকক উষ্ম আদৰণি
author img

By

Published : Mar 9, 2021, 5:46 PM IST

ধুবুৰী,9 মাৰ্চ : ধুবুৰীত কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ মাজত নিৰ্বাচনকেন্দ্ৰিক দলীয় সংঘাতে চৰম পৰ্যায়ত উপনীত হৈছে ৷ তাৰমাজতে ধুবুৰী বিধানসভা সমষ্টিত দ্বিতীয়বাৰৰ বাবে মহাজোঁট বন্ধনৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী তথা বিধায়ক নজৰুল হকে প্ৰাৰ্থিত্ব লাভ কৰিছে ৷ মঙলবাৰে দুপৰীয়া গৌৰীপুৰ ৰে’ল ষ্টেচন পোৱাৰ লগে লগে ধুবুৰী সমষ্টিত পদাৰ্পণ কৰাৰ মুহুৰ্তত সহস্ৰাধিক দলীয় নেতা-কৰ্মীয়ে এক বিশাল বাইক ৰেলীৰে আদৰণি জনায় প্ৰাৰ্থীগৰাকীক ।

23 নং ধুবুৰী বিধানসভা সমষ্টিৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী নজৰুল হকৰ নাম মহাজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা হোৱাৰ পাচত সমষ্টিটোৰ দলীয় নেতা-কৰ্মীৰ লগতে একাংশ সাধাৰণ ভোটাৰ ৰাইজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় । ধুবুৰী সমষ্টিৰ আদাবাৰী, চাগলচৰা, মতিৰচৰ, কালাহাট, ধৰ্মশালা আদি অঞ্চলেৰে ৰেলীৰ জৰিয়তে একপ্ৰকাৰ নিৰ্বাচনী শক্তি প্ৰদৰ্শন কৰে নজৰুল হকে ।

নজৰুল হকক উষ্ম আদৰণি

ইফালে, ধুবুৰী সমষ্টিটো এআইইউডিএফ-ক এৰি দিয়াৰ পাচতেই কংগ্ৰেছৰ ভিতৰচ’ৰাত প্ৰতিবাদৰ জুই জ্বলাৰ সময়তে বিধায়ক তথা নিৰ্বাচনী প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছ-এআইইউডিএফ সকলোকে একগোট হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হবলৈ আহ্বান জনায় । আনহাতে এইবেলি নিৰ্বাচনত হকে 1 লাখতকৈ অধিক ভোট লাভ কৰিব বুলি আশা ব্যক্ত কৰে ৷

লগতে পঢ়ক : সত্যব্ৰত কলিতাক উদ্দেশ্যি তীক্ষ্ণ বাক্যবাণ দিগন্ত কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.