ETV Bharat / state

Murder in Dhubri: ধুবুৰীৰ গৌৰীপুৰত লোমহৰ্ষক হত্যাকাণ্ড

ধুবুৰীৰ গৌৰীপুৰত বুধবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড(Murder in Dhubri) ৷ অচিনাক্ত দুৰ্বৃত্বই হত্যা কৰি এটা পৰিত্যক্ত গৃহৰ পাছফালে পেলাই থৈ যায় কোবাত আলী নামৰ দেৱানীজনক ৷

author img

By

Published : Jan 20, 2022, 9:05 PM IST

Murder in Dhubri
ধুবুৰীৰ গৌৰীপুৰত লোমহৰ্ষক হত্যাকাণ্ড

ধুবুৰী, 20 জানুৱাৰী: এটা লোমহৰ্ষক হত্যাকাণ্ড‌ই বৃহস্পতিবাৰে জোকাৰি যায় ধুবুৰীৰ সমগ্ৰ গৌৰীপুৰ অঞ্চল (Murder in Dhubri) । গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰী-কাউনবাৰী অঞ্চলৰ সৰবৰহী দেৱানী ৭২ বছৰীয়া কোবাত আলীক নিশা কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায় ৷ পুৱা এটা পৰিত্যক্ত বাসগৃহৰ পাছফালে মৃতদেহটো প্ৰতক্ষ্য কৰে এগৰাকী মহিলাই ।

উল্লেখ্য যে, মৃতদেহ উদ্ধাৰ হোৱা বাসগৃহটোৰ স্বত্বাধিকাৰী হৈছে ছাহজাহান আলী ৷ কৰ্মসূত্ৰে ছাহজাহান আলী সপৰিয়ালে গুৱাহাটী মহানগৰীত বসবাস কৰে । বুধবাৰে নিশা দেৱানী কোবাত আলীক এই পৰিত্যক্ত বাসগৃহত কোনো দুৰ্বৃত্তৰ দলে পৰিকল্পিতভাবে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

ধুবুৰীৰ গৌৰীপুৰত লোমহৰ্ষক হত্যাকাণ্ড

হত্যাকাণ্ডৰ বলি হোৱা দেৱানী কোবাত আলী আছিল চৌতাৰা গাঁৱৰ বাসিন্দা । আনহাতে আলমগঞ্জ সপ্তম খণ্ড গাঁৱত নতুনকৈ নিৰ্মাণ কৰা ঘৰত যোৱা কিছুদিন ধৰি বসবাস কৰি আছিল কোবাত আলিয়ে । হত্যাকাণ্ডটোক স্থানীয় বিভিন্ন দল-সংগঠনে ধিক্কাৰ জনোৱাৰ লগতে শীঘ্ৰেই হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৷

লগতে পঢ়ক: চীনা সৈন্যৰ বিৰুদ্ধে অৰুণাচলী যুৱকক অপহৰণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.