ETV Bharat / state

শিক্ষানুষ্ঠানৰ কাষত কাৰাগাৰ থকাতো গ্ৰহণযোগ্য নহয়: আজমল - সাংসদ বদৰুদ্দিন আজমল

ধুবুৰী ছোৱালী মহাবিদ্যালয়ত(Dhubri Girls College) আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে সাংসদ বদৰুদ্দিন আজমলে ৷ শিক্ষানুষ্ঠানৰ কাষত পৰা কাৰাগাৰ স্থানান্তৰ কৰাৰ বাবে চৰকাৰক আহ্বান জনায় সাংসদগৰকীয়ে ৷

Dhubri Girls College
শিক্ষক দিৱসৰ কাৰ্যসূচীত সাংসদ আজমল
author img

By

Published : Sep 5, 2022, 10:27 PM IST

ধুবুৰী, 5 ছেপ্টেম্বৰ: আজি শিক্ষক দিৱসৰ(Teachers Day 2022) দিনটোত গুৰু বন্দনাৰে মুখৰিত হৈ পৰিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয় । শিক্ষাৰ জেউতিৰে কোটি কোটি লোকৰ জীৱন উজ্জ্বলাই তোলা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক স্মৰণ কৰি আজিৰ দিনটোত বিদ্যালয়ে বিদ্যালয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

ধুবুৰী ভোলানাথ মহাবিদ্যালয় আৰু ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ লগতে প্ৰতিখন শিক্ষানুষ্ঠানত শিক্ষক-শিক্ষাৰ্থীৰ মাজত উখল-মাখল পৰিৱেশৰ সূচনা হোৱা দেখা গ’ল । ইপিনে ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ(Dhubri Girls College) শিক্ষক দিৱসৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে (Badruddin Ajmal at teachers day programme)।

শিক্ষক দিৱসৰ কাৰ্যসূচীত সাংসদ আজমল

মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে উষ্ম আদৰণি জনায় সাংসদগৰাকীক । মহাবিদ্যালয়খনৰ কাৰাটে দল আৰু এন চি চি স্কাউট গাইডৰ ছাত্ৰীসকলক নগদ ধনেৰে পুৰস্কৃত কৰে সাংসদগৰাকীয়ে । অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে শিক্ষানুষ্ঠানৰ কাষত জিলা কাৰাগাৰ (Dhubri District Jail) থকাটো গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি মহাবিদ্যালয়খনৰ সন্মুখৰ জিলা কাৰাগাৰ স্থানান্তৰ কৰাৰ দাবী জনায় চৰকাৰক ।

ছাত্ৰ-ছাত্ৰীৰ লগতে চহৰখনত অপৰাধীক স্থান দিয়া নহ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে বদৰুদ্দিন আজমলে । আনহাতে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা এক কালীন ৫০ লাখ টকাৰ অনুদান ঘোষণা কৰে সাংসদ আজমলে (Ajmal donates to Dhubri Girls College)। তাৰোপৰি ২০২৪ ৰ নিৰ্বাচনত(Lok Sabha election 2022) জয়ী হ’লে অতিৰিক্ত ৫০ লাখ টকাৰ অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদ বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক: শিক্ষক দিৱসৰ দিনা কেমেৰাৰ সন্মুখতে দুগৰাকী শিক্ষয়িত্ৰীৰ বিননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.