ETV Bharat / state

ধুবুৰীত সোপা ধৰাৰ আতংক, ৰাইজে ভাঙিলে আৰক্ষীৰ বাহন - Mob Attack

ধুবুৰীৰ বিভিন্ন অঞ্চলত বিয়পি পৰিছে সোপা ধৰাৰ আতংক। অন্ধ বিশ্বাসৰ বলি হৈ স্থানীয় ৰাইজে ভাঙিলে আৰক্ষীৰ বাহন। ঘটনাৰ ফলত আহত আৰক্ষী জোৱান প্ৰসেনজিৎ ৰয়

ধুবুৰীত সোপা ধৰাৰ আতংক, ৰাইজে ভাঙিলে আৰক্ষীৰ বাহন
author img

By

Published : Apr 25, 2019, 10:56 AM IST

ধুবুৰী, 25 এপ্ৰিলঃ সোপা ধৰাৰ আতংকত ধুবুৰীত বুধবাৰে নিশা সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ। অন্ধ বিশ্বাসৰ বলি হৈ ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ শৌলমাৰীত এজন যুৱকক সোপা ধৰাৰ সন্দেহত আটক কৰি মাৰপিট কৰে একাংশ ৰাইজে। ঘটনাৰ বিষয়ে জানিব পাৰি ধুবুৰী আৰক্ষীৰ এটা দল উপস্থিত হয় ঘটনাস্থলীত ৷ কিন্তু ৰাইজক সৈমান কৰি যুৱকজনক ধুবুৰী বি এন কলেজ আৰক্ষী চকীলৈ অনাৰ সময়তে আৰক্ষীক বাধা প্ৰদান কৰে একাংশ ৰাইজে। আৰক্ষীৰ বাহনত শিলগুটি নিক্ষেপ কৰাৰ ফলত আহত হয় আৰক্ষীৰ প্ৰসেনজিৎ ৰয় নামৰ জোৱানজন ।

ধুবুৰীত সোপা ধৰাৰ আতংক, ৰাইজে ভাঙিলে আৰক্ষীৰ বাহন

আৰক্ষীয়ে সদৰী কৰা মতে এই খবৰ চ'ছিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে আৰক্ষীৰ বাহন খনৰ ওপৰত কেইবাটাও অঞ্চলত আক্ৰমণ কৰা হয় যদিও কথমপি ৰক্ষা পৰে আৰক্ষীৰ দল ।

Intro: ধুবুৰীত সোপা ধৰাৰ আতংক। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত বিয়পি পৰিছে এই সোপা ধৰাৰ আতংক। অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ ৰাইজে ভাঙিলে আৰক্ষীৰ বাহন। আহত আৰক্ষী বেটেলিয়নৰ যোৱান।

Body: হয়, যোৱা কেইটা দিনৰ ধুবুৰীত বিয়পি পৰিছে সোপা ধৰাৰ আতংক। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত নিশা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে এই সোপা ধৰাৰ আতংকত। আনকি অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ একাংশ ৰাইজে আক্ৰমণ কৰিলে ভাঙিলে আৰক্ষীৰ বাহন। আৰক্ষীৰ বাহনত শিলগুটি নিক্ষেপ কৰাৰ ফলত আহত হল আৰক্ষী বেটেলিয়নৰ যোৱান।
দৰাচলতে আজিৰ দিনতো একাংশ অঞ্চলৰ ৰাইজ অন্ধ বিশ্বাসৰ কৱলত আছে। যাৰ ফলত বিভিন্ন সময়ত ডাইনী সন্দেহত আৰু সোপা ধৰাৰ সন্দেহত ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়া ভাবে কাৰ্বি আলং কাণ্ডই দেশ জোকাৰি গল। কিন্তু ইয়াৰ পিছতো মাৰ যোৱা নাই অন্ধ বিশ্বাস। এই অন্ধ বিশ্বৰ ফলত যোৱা কেইটাদিনৰ পৰা ধুবুৰীৰ বিভিন্ন প্ৰান্তত এক আতংকৰ সৃষ্টি হৈছে। ৰাইজে কোৱা মতে সোপা ধৰাই কণ কণ লৰা ছোৱালীক ফুচুলাই ফুচুলাই লৈ যায়। এই সন্দেহৰ বাবেই অচিনাক্ত আৰু সন্দেহজনক লোক দেখা পোৱাৰ লগে লগে সোপা ধৰা বুলি সন্দেহ কৰি মাৰপিট আৰম্ভ কৰে।
যোৱা নিশা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ সৌলমাৰীত নিশা এজন অচিনাকি যুৱকক একাংশ ৰাইজৰ সোপা ধৰাৰ সন্দেহত আটক কৰি মাৰপিট কৰে। পাছত খবৰ পাই ধুবুৰী আৰক্ষীৰ দল এটাই ঘটনা স্থলীত উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰি অনাৰ সময়তে আৰক্ষীক বাধা প্ৰদান কৰে ৰাইজে। যদিওঁ ৰাইজক সৈমান কৰি যুৱক জনক উদ্ধাৰ কৰি ধুবুৰী বি এন কলেজ আৰক্ষী চকী লৈ অহাৰ সময়তে ৰাইজে আক্ৰমণ চলায় আৰক্ষীৰ বাহনত। এটা সময়ত আৰক্ষীৰ বাহনৰ আইনা ভাঙি চুৰমাৰ কৰে অন্ধ বিশ্বৰ কৱলত পৰা উত্তেজিত ৰাইজে। আৰক্ষীয়ে সদৰী কৰা মতে এই খবৰ চচিয়েল মেডিয়াত বিয়পি পৰাৰ লগে লগে আৰক্ষীৰ বাহন খনৰ ওপৰত কেইবাটাও অঞ্চলত আক্ৰমণ কৰা হয়। যদিওঁ কথমপী ৰক্ষা পৰে আৰক্ষীৰ দল। যদিওঁ ৰাইজৰ আক্ৰমণৰ ফলত বেটেলিয়ন কনিষ্টবল প্ৰচেনজিৎ ৰয় নামৰ এইজন জোৱান মূৰত আঘাত প্ৰাপ্ত হৈ আহত হয়।
এই ঘটনাৰ পিছতেই ধুবুৰী আৰক্ষীয়ে উত্তেজিত ৰাইজক ছত্ৰ ভংগ দিবলৈ সক্ষম হয় আৰু সচেতন ৰাইজক বুজনি দি ঘৰলৈ পঠিয়ায়। যদিওঁ এই ঘটনা চচিয়েল মেডিয়াত বাধাহীন ভাবে বনজুইৰ দৰে বিয়পি পৰাৰ ফলত ৰাইজৰ মাজত আতংক বৃদ্ধি পাইছে। আনকি পুনৰ দেশ জোকাৰি যোৱা কাৰ্বি আলং ঘটনাৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে। এই ক্ষেত্ৰত ৰাইজে সজাগ নহলে উপায় নাই বুলি উল্লেখ কৰে আৰক্ষীয়ে।

Conclusion: উল্লেখযোগ্য যে, সমাজৰ পৰা এই অন্ধ বিশ্বাস আঁতৰোৱাৰ বাবে ৰাইজে আগবাঢ়ি নাহিলে এনে অন্ধ বিশ্বাসে সমাজলৈ অসনি সংকেত কঢ়িয়াই আনিব। আনহাতে ৰাইজৰ মাজত সজাগতা অনাৰ বিপৰীতে চচিয়েল মেডিয়াক নাকি লগালেহে এই অন্ধ বিশ্বাস আঁতৰ হোৱাটো সম্ভৱ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.