ETV Bharat / state

হিমন্তৰ মুখ্যমন্ত্ৰী হোৱা সন্দৰ্ভত কি ক‘লে প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে ? - ৱাজেদ আলী চৌধুৰী

হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন কেতিয়াওঁ বাস্তৱত ৰূপায়িত নহ'ব । এই ভৱিষ্যত বাণী আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে ৷

mla-wazed-reaction-on-himanta
হিমন্তৰ মুখ্যমন্ত্ৰী হোৱা সন্দৰ্ভত কি ক‘লে প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে ?
author img

By

Published : Oct 6, 2020, 5:39 PM IST

ধুবুৰী, 6 অক্টোবৰ: ৰাজ্যত তৰুণ গগৈ চৰকাৰৰ দিনত এগৰাকী দক্ষ মন্ত্ৰী হিচাপে পৰিচয় আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্তৰ দক্ষতা আৰু পাৰদৰ্শিতাৰ বাবেই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিত্ত, শিক্ষা, স্বাস্থ্য আদি কৰি বহু কেইটা বিভাগৰ গুৰু দায়িত্ব অৰ্পণ কৰিছিল হিমন্তক । কিন্তু হঠাৎ বিসম্বাদৰ ৰাজনীতি আৰম্ভ কৰি তৰুণ গগৈৰ সৈতে যুজঁ দি পৰাজিত হৈ হিমন্তই তেওঁৰ সতীৰ্থ বিধায়ক সকলক লৈ যোগদান কৰিলে বিজেপিত । কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈয়ে যিদৰে বহু কেইটা গুৰু দায়িত্ব অৰ্পণ কৰিছিল হিমন্তক । ঠিক সেইদৰে সোণোৱাল চৰকাৰৰ দিনতো বিত্ত, শিক্ষা, স্বাস্থ্য আদিকৰি বহু কেইটা বিভাগৰ গুৰু দায়িত্ব পাইছে হিমন্তই ।

হিমন্তৰ মুখ্যমন্ত্ৰী হোৱা সন্দৰ্ভত কি ক‘লে প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে ?

কিন্তু হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন কেতিয়াওঁ বাস্তৱত ৰূপায়িত নহ'ব । এই ভৱিষ্যত বাণী আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে ৷ ৱাজেদ আলী চৌধুৰীয়ে মন্ত্ৰী হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোনৰ প্ৰসংগত কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এসময়ত কৈছিল যে, " লৰাটোৰ মুখ্যমন্ত্ৰী হোৱাৰ দক্ষতা আছে। এদিন তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহিব পাৰিলেহেঁতেন। কিন্তু তেওঁ নোৱাৰে। যিজনে মুখ্যমন্ত্ৰীক উফৰাই মুখ্যমন্ত্ৰী হব' বিচাৰিছে তেওঁ কেতিয়াওঁ মুখ্যমন্ত্ৰী হব নোৱাৰে।"

লগতে পঢ়ক: চাংসাৰীত পথ দুৰ্ঘটনাঃ নিহত এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.