বিলাসীপাৰা,28মে’: ৰাজ্যত পঞ্চদশ বিধানসভাৰ বিধায়ক সকলে শপত গ্ৰহণ কৰাৰ পিছতে সমষ্টিৰ উন্নয়নত নামি পৰিছে ৷ তাৰ মাজতে বৃহস্পতিবাৰে বিলাসীপাৰা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ছামছুল হুদাই প্ৰথমটো আঁচনিৰ শুভ উদ্ধোধন কৰে ৷
উল্লেখযোগ্য যে, চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত ৮ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা সমূহীয়া ভৱনটো বৃহস্পতিবাৰে বিয়লি শুভ উদ্বোধন কৰে পূব বিলাসীপাৰাৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে ৷
বিলাসীপাৰা মহকুমাৰ হাতীপোতা গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুনপাৰা চৰ্তুথ খণ্ড গাঁৱত নৱ নিৰ্মিত ভৱনটোৰ শুভ উদ্বোধন কৰি উন্নয়ন মূলক কামৰ পাতনি মেলে বিধায়ক গৰাকীয়ে ৷
ইপিনে এই ভৱনটোৱে অঞ্চলবাসী ৰাইজক বহু ক্ষেত্ৰত উপকৃত কৰিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে ৷
লগতে পঢ়কঃ হাতত বেলছা-পাচি লৈ মথাউৰি নিৰ্মাণত ব্যস্ত বিধায়ক অমিয় কুমাৰ ভূঞা