ETV Bharat / state

জোনাইত মিচিংসকলৰ পৰম্পৰাগত দবুৰ পূজা সম্পন্ন - দবুৰ পূজা

কৰ’ণাতংকৰ মাজতে শুকুৰবাৰে জোনাইত পৰম্পৰা ৰক্ষা কৰি মিচিংসকলে পালন কৰে পৰম্পৰাগত দবুৰ পূজা ৷ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠুপীয়াকৈ জোনাইৰ পুৰণা জেলম গাঁৱৰ ৰাইজে পালন কৰে এই দবুৰ পূজা ৷

জোনাইত মিচিংসকলৰ পৰম্পৰাগত দবুৰ পূজা
জোনাইত মিচিংসকলৰ পৰম্পৰাগত দবুৰ পূজা
author img

By

Published : May 29, 2020, 5:07 PM IST

জোনাই, 29 মে’: প্ৰতি বছৰে অসমীয়া 15 জেঠ তাৰিখে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলে উলহ-মালহেৰে পালন কৰি অহা ‘দবুৰ পূজা‘ এইবাৰো শুকুৰবাৰে জোনাইত পালন কৰা হয় ৷ কৰ’ণাতংকৰ মাজতে অনুষ্ঠুপীয়াকৈ জোনাইৰ পুৰণা জেলম গাঁৱৰ ৰাইজে পালন কৰে এই পৰম্পৰাগত পূজা ৷

উল্লেখ্য যে, কেইগৰাকীমান মিচিং ব্যক্তি একেলগ হৈ কৃষি পথাৰৰ মংগল কামনা আৰু পথাৰৰ শস্য বৃদ্ধিৰ কামনাৰে দবুৰ পূজা পালন কৰে ৷ মিচিং সম্প্ৰদায়ৰ লোকবিশ্বাস অনুসৰি, খেতিয়কসকলে খেতি মাটিৰ বাবে হাবি-জংঘল কাটি জুই দিওঁতে কীট পতংগ, সাপ-বেং আদি জুইত পুৰি অজানিতে হত্যা কৰে আৰু হাল বাওঁতেও হাজাৰ হাজাৰ কেঁচু-কুমটি মাটিত লেটিয়াই অজানিতে হত্যা কৰে ৷ গতিকে সেই হত্যাৰ অপৰাধত নিজকে অপৰাধী হিচাপে গণ্য কৰি মিচিং ৰাইজে মিলি প্ৰতিবছৰে পালন কৰে এই দবুৰ পূজা ৷

জোনাইত মিচিংসকলৰ পৰম্পৰাগত দবুৰ পূজা

এই পূজাত গাঁৱৰ ঘৰে ঘৰে আজেং সংগ্ৰহ কৰাৰ পিছত গাঁৱৰ আচুতীয়া ঠাইত বা নৈৰ পাৰত পূজাৰ মাংগলিক কাৰ্য সম্পন্ন কৰা হয় ৷ দবুৰ পূজাত গাঁৱৰ অন্য ব্যক্তিৰ প্ৰবেশ নিষেধ কৰা হয ৷ এই পূজাত থলচৰ ডাঙৰীয়া নামত এটা ৰঙা মতা কুকুৰা, স্বৰ্গ দেৱতাৰ নামত এটা বগা কুকুৰা, লক্ষ্মী দেৱীৰ নামত বগা মাইকী কুকুৰা, কাৰ্চিং কাৰ্তাকৰ নামত এটা পকৰা কুকুৰা আৰু আই বসুমতীৰ নামত মাইকী গাহৰি এটা বধ কৰি উৎসৰ্গা কৰাৰ লগতে গাঁৱৰ প্ৰতিটো পৰিয়ালৰ অপৰাধ দূৰ কৰাৰ বাবে অনা কুকুৰাবোৰ লোকবিশ্বাস অনুসৰি ৰাজহুৱাকৈ বধ কৰি উচৰ্গা কৰে দেৱ-দেৱীসকললৈ ৷

লগতে পঢ়ক: উদ্ধাৰ হ'ল যমুনা নৈত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.