ETV Bharat / state

দুৰ্বৃত্তই খান্দিলে বিলাসীপাৰাৰ একমাত্ৰ ক্ৰিকেট খেলপথাৰ - বিলাসীপাৰা এক্টিভ গ্ৰুপে স্থাপন কৰা বিলাসীপাৰা চহৰৰ আই এন এ খেল পথাৰ

বিলাসীপাৰাৰ একমাত্ৰ ক্ৰিকেট খেল পথাৰখনত দুৰ্বৃত্তৰ চকু ৷ নিশাৰ ভাগত কোনো দুৰ্বৃত্তই খেল পথাৰ খন খান্দি অনিষ্ট কৰে ৷ খেলপথাৰ খনত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

miscreant destroyed cricket pitch at bilasipara town
বিলাসীপাৰাৰ একমাত্ৰ ক্ৰিকেট খেল পথাৰখনত দুৰ্বৃত্তৰ দুস্কাৰ্য
author img

By

Published : Dec 26, 2020, 1:11 PM IST

ধুবুৰী, 26 ডিচেম্বৰ : বিলাসীপাৰাৰ একমাত্ৰ খেল পথাৰখনত কোনো দুৰ্বত্তই ঠায়ে ঠায়ে খান্দি গাঁতৰ সৃষ্টি কৰে ৷ শুকুৰবাৰে নিশাৰ ভাগত কোনো দুৰ্বৃত্তই এই কাৰ্য সংঘটিত কৰে ৷ ৰাইজৰ অভিযোগ মতে নিশা খেল পথাৰখনত বনভোজ খোৱা এটা দলে এই কাণ্ড সংঘটিত কৰিছে ৷ বিলাসীপাৰা চহৰৰ একমাত্ৰ খেলপথাৰখনত দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰাৰ ফলত ক্ৰীড়াপ্ৰেমী ৰাইজ ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে ৷

বিলাসীপাৰাৰ একমাত্ৰ ক্ৰিকেট খেল পথাৰখনত দুৰ্বৃত্তৰ দুস্কাৰ্য

জানিব পৰা মতে বিলাসীপাৰা এক্টিভ গ্ৰুপে স্থাপন কৰা বিলাসীপাৰা চহৰৰ আই এন এ খেল পথাৰৰ ক্ৰিকেট খেলপথাৰখনত প্ৰতিবছৰে জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট লীগ মেচ (League Match) অনুষ্ঠিত হয় ৷ দুৰ্বৃত্তৰ এই কাৰ্যত এতিয়া এক্টিভ গ্ৰুপৰ বিষয়ববীয়াৰ লগতে জিলা ক্ৰীড়া সন্থা জাঙুৰ খাই উঠিছে ৷ ঘটনাস্থলীত বৰ্তমান বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে কোনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক:বিলাসীপাৰাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.