ETV Bharat / state

বিলাসীপাৰাত ভণ্ড কবিৰাজৰ জঘন্য কাণ্ড

author img

By

Published : Sep 10, 2019, 4:38 PM IST

বিলাসীপাৰাৰ সন্তেষপুৰ গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ ভণ্ড কবিৰাজৰ ওচৰত চিকিৎসা ল'বলৈ গৈ অন্ত:সত্তা হল নৱম শ্ৰেণীৰ ছাত্ৰী ৷ ছাত্ৰী গৰাকীক চোকা অস্ত্ৰৰ ভাবুকি প্ৰদান কৰি বলপূৰ্বকভাৱে বলাৎকাৰ কৰি অহাৰ অভিযোগ উঠিছে কবিৰাজ জনৰ বিৰুদ্ধে

বিলাসীপাৰাত ভণ্ড কবিৰাজৰ জঘন্য কাণ্ড

বিলাসীপাৰা, 10 ছেপ্তেম্বৰঃ বিলাসীপাৰাৰ সন্তেষপুৰ গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ ভণ্ড কবিৰাজৰ ওচৰত চিকিৎসা ল'বলৈ গৈ অন্ত:সত্তা হ’ল নৱম শ্ৰেণীৰ ছাত্ৰী৷ ছাত্ৰী গৰাকীক চোকা অস্ত্ৰৰে ভাবুকি প্ৰদান কৰি বলপূৰ্বকভাৱে বলাৎকাৰ কৰি আহাৰ অভিযোগ উঠিছে কবিৰাজ মকৰম আলীৰ বিৰুদ্ধে ৷ টিলাপাৰা হাই স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী পেটৰ বিষত আক্ৰান্ত হোৱাত উপায়ন্তৰ দুৰ্ভগীয়া পৰিয়ালটিয়ে কাষ চাপিছিল কবিৰাজ জনৰ ৷ ভণ্ড কবিৰাজ জনে ছাত্ৰী গৰাকীক জৰা ফুকা কৰি বেমাৰ ভাল কৰি দিয়াৰ দায়িত্ব লয় ৷ কিন্তু কবিৰাজ জনে ছাত্ৰী গৰাকীক চোকা অস্ত্ৰৰে ভয় ভীতি প্ৰদৰ্শন কৰি বহুদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছিল ৷ কবিৰাজৰ ভয়ত বিতত হৈ পৰা নাৱালিকা ছাত্ৰী গৰাকীয়ে নিৰৱে সহি আহিছিল সকলো নিৰ্যাতন ৷ পৰৱৰ্তী সময়ত নাৱালিকা গৰাকীক সোধপোছ কৰাত পোহৰলৈ আহে সকলো ঘটনা ৷ এই কাৰ্যত কবিৰাজ গৰাকীৰ পত্নীয়েও সহযোগ কৰাৰ অভিযোগ পৰিয়ালৰ ৷

বিলাসীপাৰাত ভণ্ড কবিৰাজৰ জঘন্য কাণ্ড
ইতিমধ্যে ঘটনাৰ বিষয়ে শালকোচা আৰক্ষী চকীত নাৱালিকা গৰাকীৰ পৰিয়ালে ভণ্ড কবিৰাজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ এই বিষয়ে জানিব পাৰিয়ে ভণ্ড কবিৰাজ জনে নিজৰ পৰিয়ালৰ লোকক লৈ ঘৰ দুৱাৰ তলা মাৰি পলায়ন কৰে ৷

Intro:A. I - এজন ভণ্ড বিবাহিত কবিৰাজৰ ওচৰত চিকিৎসা লবলৈ গৈ পাঁচ মহীয়া অন্ত:সত্তা হল নৱম শ্ৰেণীৰ ছাত্ৰী | দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীক চোকা অস্ত্ৰৰ ভাবুকি প্ৰদান কৰি দিনৰ পিছত দিন ধৰি পাষণ্ড কবিৰাজ জনে বলপূৰ্বক বলাৎকাৰ কৰি আহাৰ অভিযোগ উঠিছে | বিলাসীপাৰাৰ সন্তেষপুৰ গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনাৰ |Body:V. O - বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত সন্তেষপুৰ গাঁওত সংঘটিত হৈছে এক জঘন্য ঘটনাৰ | গাঁও খনৰ এগৰাকী কিশোৰী তথা টিলাপাৰা হাই স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আক্ৰান্ত হয় পেটৰ বিষত | দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীক চিকিৎসকৰ ওচৰত নিবলৈ অপাৰগ আছিল পৰিয়ালটিয়ে | উপায়ন্তৰ দুৰ্ভগীয়া পৰিয়ালটিয়ে কাষ চাপিছিল গাঁও খনৰে *মকৰম আলী* নামৰ কবিৰাজ এজনৰ ওচৰত | ভণ্ড কবিৰাজ জনে ছাত্ৰী গৰাকীক জঁৰা ফুকা কৰি বেমাৰ ভাল কৰি দিয়াৰ দায়িত্ব লয় | সেই মতে চিকিৎসাৰ নামত ভণ্ড কবিৰাজ জনে ছাত্ৰী গৰাকীক চোকা অস্ত্ৰৰে ভয় ভীতি প্ৰদৰ্শন কৰি যৌন কামনাৰ চিকাৰ কৰি লয় | বিগত পাঁচ মাহ ধৰি কবিৰাজ জনে নাৱালিকা ছাত্ৰী গৰাকীক চলাই আহিছে যৌন আতিশয্য | কবিৰাজ জনে তেৱৰ পত্নীৰ হতুৱাই নিশা ছাত্ৰী গৰাকীক মাতি আনি নিজৰ ঘৰত মুখত কাপোৰেৰে সোপা দি চোকা অস্ত্ৰৰে ভীতি প্ৰদৰ্শন কৰি চলাই আহিছে যৌন অভিষাৰ | ভয়ত ভীতি বিহ্বল হৈ পৰা নাৱালিকা ছাত্ৰী গৰাকী নিৰৱে সহি আহিছে যৌন নিৰ্যাতন | কিন্তু বিগত পাঁচ মাহ ধৰি নাৱালিকা গৰাকীৰ মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হৈ থকাত নাৱালিকা গৰাকীৰ মাতৃয়ে ইয়াৰ বিষয়ে উমান পায় | পিছত নাৱালিকা গৰাকীক শোধ পোছ কৰাত সমুদায় ঘটনা সোমবাৰে বিয়লিৰ ভাগত পোহৰলৈ আহে | পিছত ঘটনাৰ বিষয়ে শালকোচা আৰক্ষী চকীত নাৱালিকা গৰাকীৰ পৰিয়ালৰ লোকে ভণ্ড কবিৰাজ *মকৰম আলীৰ* বিৰুদ্ধে এজাহাৰ দাখিল কৰে | এই বিষয়ে জানিব পাৰি ভণ্ড কবিৰাজ জনে নিজৰ পৰিয়ালৰ লোকক লৈ ঘৰ দুৱাৰ তলা মাৰি পলায়ন কৰে | পিছত আৰক্ষীয়ে নাৱালিকা ছাত্ৰী গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে |Conclusion:E. V. O. T - প্ৰায় ৫০ বছৰীয়া বিবাহিত ভণ্ড কবিৰাজ জনৰ যৌন কামনাৰ বলি হৈ পেটত পাঁচ মহীয়া অবৈধ ভ্ৰুণৰ বোজা কঢ়িওৱা ছাত্ৰী গৰাকীয়ে লাজে অপমানে কান্ধোনত ভাগি পৰিছে | নাৱালিকা ছাত্ৰী গৰাকীক ন্যায় প্ৰদানৰ দাবী তুলিছে স্থানীয় বিভিন্ন মহলে | দোষীক কঠোৰ শাস্তি প্ৰদানৰো দাবী তুলিছে স্থানীয় ৰাইজে |
Bite
1+2 স্থানীয় নাগৰিক,
3. ছাত্ৰী গৰাকীৰ মাতৃ |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.