ধুবুৰী, 23 আগষ্টঃ ধুবুৰীত মানৱ সমাজক লজ্জানত কৰা ঘটনা ৷ আঠ বছৰীয়া কণমানিক ধৰ্ষণ কৰে সম্পৰ্কীয় মোমায়েকে ৷ ধুবুৰী আৰু কোকৰাঝাৰৰ সীমান্ত অঞ্চল থুৰীয়াৰ পাহাৰত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই জঘন্য কাণ্ড ৷ ধুবুৰীৰ গৌৰীপুৰৰ বৰুৱাৰ ভিটা অঞ্চলৰ ছামিনুৰ হক নামৰ ব্যক্তিগৰাকীয়ে বিস্কুটৰ প্ৰলোভনেৰে জংঘললৈ মাতি নি ধৰ্ষণ কৰে নাবালিকা গৰাকীক ৷ জংঘলৰ পৰা কান্দি কান্দি ওলাই অহা সময়তে স্থানীয় একাংশই প্ৰত্যক্ষ কৰে নাবালিকা গৰাকীক ৷ তাৰ পাচতে অভিযুক্ত ধৰ্ষণকাৰীক ৰাইজে কৰায়ত্ত কৰি উত্তম-মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ৷ আনহাতে, ভুক্তভোগী নাবালিকা গৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
আনহাতে, কাজিগাঁও আৰক্ষীয়ে অভিযুক্ত ছামিনুৰ হকৰ ওপৰত জেৰা অব্যাহত ৰাখিছে যদিও কোনো তথ্য প্ৰকাশ কৰা নাই ৷ অভিযুক্ত ছামিনুৰ হকক ফাঁচীৰ বাবে দাবী জনাইছে অঞ্চলবাসীয়ে ৷