ধুবুৰী, ১৫ নৱেম্বৰ : প্ৰথমে কিশোৰী(Minor)ক প্ৰেমৰ প্ৰস্তাৱ, তাৰ পাচত অপহৰণ কৰি বলপূৰ্বকভাৱে বিবাহৰ চেষ্টা । অৱশেষত হত্যাৰ চেষ্টা(Attepmt to murder)ৰে কিশোৰীগৰাকীক আক্ৰমণ কৰিলে এজন যুৱকে । সম্প্ৰতি ধুবুৰী অসামৰিক চিকিৎসালয়(Dhubri Civil Hospital)ত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী । এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ বিলাসীপাৰাৰ বুচিৰ চৰত ।
ভুক্তভোগী কিশোৰীগৰাকীৰ অভিযোগ অনুসৰি, সাহিদ বাদশা(Shahid Badsha) নামৰ এজনে যুৱকে তেওঁক আক্ৰমণ কৰিছিল । কিশোৰীগৰাকী আৰু তেওঁৰ মাতৃয়ে উত্থাপন কৰা অভিযোগ মতে, তিনিমাহ মান পূৰ্বে গোৱালেৰ চৰৰ সাহিদ বাদশা নামৰ যুৱকজনে প্ৰেমৰ প্ৰস্তাৱ দিয়ে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক । কিন্তু কিশোৰীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে । ইয়াৰ পিছত গাঁওখনৰে এগৰাকী মহিলাৰ সহায় লৈ কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈ যুৱকজনে বিয়াৰ প্ৰস্তাৱ দিয়ে ।
কিন্তু ছাত্ৰীগৰাকী নাবালিকা হোৱাৰ বাবে পৰিয়ালে বিয়াৰ প্ৰস্তাৱ নাকচ কৰে । তাৰ পিছত এদিন নিশা কৌশলেৰে কিশোৰীগৰাকীক অপহৰণ কৰি নিয়ে যুৱকজনে । কিন্তু কিশোৰীগৰাকীৰ পৰিয়ালে প্ৰাপ্তবয়স্ক হোৱাৰ পিছত নিজ কন্যাক যুৱকজনৰ সৈতে বিয়া দিয়াৰ চুক্তি কৰি কন্যাক ঘৰলৈ ঘূৰাই নিয়ে ।
কিন্তু তিনি মাহৰ পিছত পুনৰ নিশাৰ ভাগত সাহিদ বাদশা নামৰ যুৱকজনে গাঁৱৰ মহিলাগৰাকীৰ লগতে আন কেইজনমান যুৱকক লগত লৈ কিশোৰীগৰাকীৰ ঘৰৰ চৌহদত উপস্থিত হৈ তেওঁক পলুৱাই নিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় । অৱশেষত ক্ষুদ্ধ হৈ যুৱকজনে কিশোৰীগৰাকীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা চলায় । কিশোৰীগৰাকীক আক্ৰমণ কৰি আটাইকেইজন পলায়ন কৰে । আনহাতে, চোকা অস্ত্ৰৰে কৰা আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা কিশোৰীগৰাকীক পৰিয়ালৰ লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ নিয়ে ।
ইয়াৰ পাচত চিকৎসকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পিছতে বিলাসীপাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে । এই অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আশ্চৰ্যজনকভাৱে এসপ্তাহ সম্পূৰ্ণ হোৱাৰ পাচতো এই গোচৰ সন্দৰ্ভত আৰক্ষীয়ে এজন লোককো আটক কৰা নাই ।
ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে কিশোৰীগৰাকীৰ পৰিয়াল । আনহাতে, বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ আইন বলৱৎ হৈ থকাৰ পিছতো সাহিদ বাদশা আৰু তেওঁক সহায় কৰা লোককেইজনৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী নীৰৱ হৈ থকাক লৈ প্ৰশ্ন উত্থাপন হৈছে । গোপন বুজাবুজিৰ ভিত্তিত আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ তুলিছে একাংশই ।
লগতে পঢ়ক : শিলাদিত্য দেৱক হোজাইবাসীৰ সম্বৰ্ধনা