ETV Bharat / state

Pension Sewa Kendra: ধুবুৰীত পেঞ্চন সেৱা কেন্দ্ৰৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে - Pension Service Centers in Assam

অৱসৰী শিক্ষকৰ বাবে আশাৰ বতৰা ৷ ৰাজ্যৰ 27খন জিলাত মুকলি হ’ল পেন্সন সেৱা কেন্দ্ৰ (Pension service centers inaugurated in Assam)। সমান্তৰালকৈ ধুবুৰী জিলাতো পেঞ্চন সেৱা কেন্দ্ৰৰ শুভাৰম্ভ কৰিলে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

Minister Ranjit Kumar Das Inaugurates Pension Center in dhubri
ধুবুৰীত পেঞ্চন সেৱা কেন্দ্ৰৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
author img

By

Published : Jul 31, 2022, 12:15 PM IST

ধুবুৰী, 31 জুলাই: ৰাজ্যৰ পেঞ্চনাৰসকলক সকাহ দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাতত লোৱা এক অভিলাষী তথা সুদূৰ প্ৰসাৰী আঁচনি হৈছে পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন (Pension Service Centers in Assam) । ৰাজ্য চৰকাৰৰ কৃতজ্ঞতা আঁচনিৰ অধীনত চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট লাঘব কৰাৰ উদ্দেশ্যৰে শুকুৰবাৰে ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হয় (Pension Service Center by Govt)।

ধুবুৰীত পেঞ্চন সেৱা কেন্দ্ৰৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাতো পেঞ্চন সেৱা কেন্দ্ৰৰ শুভাৰম্ভ কৰিলে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Pension service center in Dhubri) ৷ শনিবাৰে মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ধুবুৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চৌহদত স্থাপন কৰা পেঞ্চন সেৱা কেন্দ্ৰটো ৷ কৰ্মচাৰীসকলে অৱসৰৰ পূৰ্বেই কৃতজ্ঞতা প'ৰ্টেলৰ জৰিয়তে পেঞ্চনৰ বাবে আবেদন কৰি অৱসৰৰ দিনাই পেঞ্চন লাভত সহায়ৰ বাবে এই ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷

উক্ত অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কয়, "ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন চৰকাৰী কাৰ্য্যালয়ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগ পাওঁ । ঘোচ দিয়া আৰু লোৱা দুয়োটা বন্ধ হ'ব লাগিব"। এই মন্তব্যৰে ধুবুৰীৰ চৰকাৰী বিষয়া কৰ্মচাৰীক একপ্ৰকাৰ সকীয়নি বাৰ্তা প্ৰেৰণ কৰিলে মন্ত্ৰী ৰণজিৎ দাসে ।

এই অনুষ্ঠানটোত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সন্যাল, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, সমাজকৰ্মী প্ৰসেনজিৎ দেৱ, অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী ক্ৰমে আব্দুল ৰছিদ, লুটফুৰ ৰহমান, আব্দুৰ ৰহমান প্ৰমুখ্যে শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: Pension Service Centre in Assam : লখিমপুৰত পেঞ্চন সেৱা কেন্দ্র উদ্বোধন মন্ত্রী সঞ্জয় কিষাণৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.