ETV Bharat / state

COVID-19ঃ ধুবুৰীৰ পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী চন্দন ব্ৰহ্মৰ

মহামাৰী কৰ’ণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ বাবে ধুবুৰী জিলা প্ৰশাসনৰ সৈতে বৈঠক মিলিত মন্ত্ৰী চন্দন ব্ৰহ্ম । সোমবাৰে জিলাখনত উপস্থিত হৈ প্ৰশাসনৰে বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ৷

author img

By

Published : Apr 6, 2020, 1:41 PM IST

Minister of assam government Chandan Brahma visited Dhubri
ধুবুৰীত মন্ত্ৰী চন্দন ব্ৰহ্ম

ধুবুৰী,6 এপ্ৰিলঃ ধুবুৰী জিলা প্ৰশাসনৰ সৈতে সোমবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম । কৰ’ণা ভাইৰাছৰ ধুবুৰী জিলাৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে বৈঠকৰ অন্তত ইটিভি ভাৰতৰ সন্মুখত সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । মন্ত্ৰী গৰাকীয়ে বৰ্তমানলৈকে ধুবুৰী জিলাত ভাইৰাছবিধত আক্ৰান্ত কোনো ৰোগীৰ খবৰ লাভ নকৰা বুলি প্ৰকাশ কৰে ৷ ধুবুৰীৰ ছাগলীয়া,আগমণি, বিলাসীপাৰাকে ধৰি বিভিন্ন স্থানত গৃহবন্দী হৈ থকা লোকৰ অধিকাংশৰে 14 দিন উকলি গৈছে যদিয়ো কাৰো দেহত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰা নাই ৷ নিজামুদ্দিন মাৰ্কাজৰ সৈতে জড়িত ধুবুৰীৰ আটাইকেইজন লোকৰ সৈতে ইতিমধ্যে যোগাযোগ হোৱাৰ বিপৰীতে ব্যক্তিকেইজন দিল্লীত আছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ পূৰ্বে মাৰ্কাজলৈ যোৱা নতুন দুজন ব্যক্তিৰ নমুনা দেওবাৰে সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷

ধুবুৰীত মন্ত্ৰী চন্দন ব্ৰহ্ম

ইপিনে, দিল্লীত সম্প্ৰতি ধুবুৰীৰ 79 জন লোক কোৱাৰেণ্টাইনত আছে ৷ ব্যক্তিকেইজনক 14 দিনৰ সময়সীমা অতিক্ৰমৰ পিছত পুনৰ কোৱাৰেণ্টাইনত ৰাখি নিজ অঞ্চললৈ ঘূৰি আহিবলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰী ব্ৰহ্মই ৷ দিল্লীত থকা ব্যক্তিসকলৰ সৈতে সঘনাই ৰাজ্য় চৰকাৰে যোগাযোগ চলাই থকা বুলি প্ৰকাশ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷

লগতে চাওকঃ কোভিড-19 : ৰেড জ’নৰ অধীনলৈ জম্মু-কাশ্মীৰৰ ছখনকৈ গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.