ETV Bharat / state

পূৱ বিলাসীপাৰাত উপস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে

author img

By

Published : Sep 6, 2020, 3:46 PM IST

PMAY আঁচনিৰ আধাৰ কাৰ্ড লিংকৰ সময়সীমা দুমাহ লৈ বৃদ্ধি কৰাৰ বাবে ভাৰত চৰকাৰলৈ আহ্বান । আইদেউ সন্দিকৈ নামেৰে নতুন আঁচনিৰ সংকল্প । আত্ম-সহায়ক গোটলৈ ৫০ হাজাৰ টকাৰ অনুদান ।

Minister Naba Kumar Doley at Pub Bilashipara

পূৱ বিলাসীপাৰা, 6 ছেপ্তেম্বৰ: পূৱ বিলাসীপাৰাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ ৰঙামাটি গাঁও পঞ্চায়তত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে । চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত 12 লাখ টকীয়া পঞ্চায়ত গৃহ এটাৰ শুভ উদ্বোধন কৰিবলৈ উপস্থিত হয় মন্ত্ৰীগৰাকী । 12 লাখ টকীয়া গৃহটো চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মিত কৰা হৈছে ।

এই অনুষ্ঠানতেই মন্ত্ৰীগৰাকীয়ে PMAY আঁচনিৰ অধীনত আধাৰ কাৰ্ড লিংকৰ সময়সীমা 31 আগষ্টৰ পৰা 31 অক্টোবৰলৈ বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰক আহ্বান জনোৱা হৈছে বুলি উল্লেখ কৰে । লগতে আইদেউ সন্দিকৈ,কনকলতা মহিলা সৱলীকৰণ আঁচনি,আত্ম-সহায়ক গোটলৈ আৰ্থিক সাহাৰ্য্যকে ধৰি বিভিন্ন আঁচনিৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে ৷

ৰঙামাটিত মন্ত্ৰী নৱ কুমাৰ দলে

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত দীৰ্ঘদিনৰ পৰা কৰ্মৰত ঠিকাভিত্তিত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত পৰ্যালোচনা চলি থকা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে নৱ কুমাৰ দলে । এই অনুষ্ঠানত মন্ত্ৰী নৱ কুমাৰ দলৰ সৈতে উপস্থিত থাকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিৱ জে বি এক্কা আৰু আয়ুক্ত হেমেন দাস ।

লগতে চাওক-গেছভৰ্তি চিলিণ্ডাৰত নহয়, বিস্ফোৰণ হ’ল স্তভত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.