ETV Bharat / state

ধুবুৰীৰ চৰকাৰী কাৰ্যালয়সমূহত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছাডেন ভিজিট - ধুবুৰী মেডিকেল কলেজ

ধুবুৰীৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লয়েই জিলাখনৰ কাৰ্যালয়ে কাৰ্যালয়ে ছাডেন ভিজিট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (Minister Jayanta Malla Baruah sudden visit) ৷ বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে জিলাখনলৈ আহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷

Etv Bharatminister-jayanta-malla-baruah-sudden-visit-in-dhubri
ধুবুৰীৰ চৰকাৰী কাৰ্যালয়সমূহত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছাডেন ভিজিট
author img

By

Published : Sep 8, 2022, 7:52 AM IST

ধুবুৰী, 8 ছেপ্টেম্বৰ: চৰকাৰী বিভাগত কৰ্মত গাফিলতি কৰাৰ বুলি এষাৰ কথা প্ৰায়েই শুনা যায় ৷ এইবাৰ যেন চৰকাৰ উঠি পৰি লাগিছে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়বোৰত নাকী লগাবলৈ (Govt office of Assam)৷ চৰকাৰী কাৰ্যালয়সমূহত নিৰ্দিষ্ট সময়মতে কৰ্মচাৰী উপস্থিত নহ’লে অথবা কামত গাফিলতি কৰিলে কোন মন্ত্ৰীৰ ছাডেন ভিজিটত কোন চৰকাৰী বিষয়া হাতে লোটে ধৰা পৰে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে ৷

ধুবুৰীৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈয়েই জিলাখনৰ কাৰ্যালয়ে কাৰ্যালয়ে ছাডেন ভিজিট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (Minister Jayanta Malla Baruah sudden visit) ৷ বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে জিলাখনলৈ আহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷

পুৱাই জিলাখনত উপস্থিত হৈ পুৱাই ধুবুৰী আৱৰ্ত ভৱনৰ পৰা ওলাই প্ৰথমে মন্ত্ৰীগৰাকীয়ে ধুবুৰী গুৰুদ্বাৰ দৰ্শন কৰি সেৱা লয় ৷ তাৰ পিছতেই পোনে পোনে ধুবুৰী DEEO অফিচত অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ছাডেন ভিজিট দিয়ে । চৰকাৰী শিক্ষা বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ হতভম্ব হয় মন্ত্ৰীগৰাকী (Jayanta Malla Baruah in Dhubri) । দিনৰ ১১ বজাৰ পিছতো কাৰ্যালয়ত অধিকাংশ বিষয়া কৰ্মচাৰী অনুপস্থিত দেখি খঙত অগ্নিগৰ্ভা হৈ পৰে মন্ত্ৰীজন।

ধুবুৰীৰ চৰকাৰী কাৰ্যালয়সমূহত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছাডেন ভিজিট

আনহতে দীৰ্ঘদিনৰ পৰা কাৰ্যালয়খনৰ বহুকেইজন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ লাভ কৰিছিল মন্ত্ৰী বৰুৱাই ৷ ইয়াৰ বাবে শেষবাৰৰ বাবে জিলা প্ৰাথমিক শিক্ষা বিষয়াক সকিয়নি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰাথমিক শিক্ষা বিষয়াক নিৰ্দেশ দিয়ে মন্ত্ৰী বৰুৱাই ।

পূৰ্বৰে পৰা কাৰ্যালয়টোৰ একাংশ বিষয়াই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আছে বুলি ধমক দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ইফালে জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ খেলিমেলিৰ বাবে ভৌগোলিকভাৱে দূৰ্গম অঞ্চলৰ বিদ্যালয়ৰ পৰা মহিলা শিক্ষকসকলক সদৰ স্থানলৈ আনিব পৰা যোৱা নাই ৷ ধুবুৰী শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ এচাম বিষয়া কৰ্মচাৰীক মেনেজ কৰি এচাম শিক্ষকে এই সুবিধা লাভ কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ লাভ কৰিছিল ৷ ফলত এই নিয়মৰ পৰিবৰ্তন কৰি মহিলা শিক্ষকসকলক সদৰলৈ অনাৰ ব্যৱস্থা কৰিব লাগিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে উপস্থিত হয় নৱ নিৰ্মিত ধুবুৰী মেডিকেল কলেজত । চিকিৎসালয়ত উপস্থিত হৈয়েই চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষাকে ধৰি একাংশ চিকিৎসকৰ কৰ্তব্যত অৱহেলা দেখি খং উঠে মন্ত্ৰী জয়ন্ত মল্লৰ । চিকিৎসক আৰু চিকিৎসা বিষয়াৰে সৈতে এখন বৈঠক অনুষ্ঠিত কৰি তেওঁ মেডিকেল কলেজৰ বিভিন্ন কাম কাজ সন্দৰ্ভত বুজ লয় মন্ত্ৰী বৰুৱাই ৷ উক্ত মিটিঙৰ পিছত মন্ত্ৰীগৰাকীয়ে কয় যে এইমাহৰ ভিতৰতে ঠিকাদাৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক সম্পূৰ্ণ হস্তান্তৰ কৰিব আৰু তাৰ পিছতেই ছাত্ৰ-ছাত্ৰী অহাৰ লগতে পাঠদান আৰম্ভ হ’ব ৷

লগতে পঢ়ক: ভাৰত জোড়ো যাত্ৰাক কমেডী আখ্যা দি অসমৰ মুছলমানক দেশপ্ৰেমী বুলিলে মুখ্য়মন্ত্ৰী শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.