ETV Bharat / state

মধ্যাহ্ন ভোজনৰ নামত পচা চাউল যোগান ! - Covid 19

ধুবুৰীৰ হাটশিঙিমাৰী খোপাতিয়া পাব্লিক হাইস্কুলত পচা চাউল বিতৰণক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিৱেশ ৷ চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই লক্​ ডাউন অমান্য কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্বাহজামাল শ্বেখে মইমতালি চলোৱাৰ লগতে বিতৰণৰ বাবে অহা চাউল আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷

mid day meal corruption dhubri assam etv bharat news
মধ্যাহ্ন ভোজনত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : May 13, 2020, 6:52 PM IST

ধুবুৰী,13 মে’: ৰাজ্যত সময়ে সময়ে মধ্যাহ্ন ভোজনৰ নামত দুৰ্নীতি সংঘটিতৰ অভিযোগ উত্থাপন হোৱা দেখা যায় ৷ এইবাৰ এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৷ জিলাখনৰ খোপাতিয়া পাব্লিক হাইস্কুলত মধ্যাহ্ন ভোজনৰ অধীনত পচা চাউল বিতৰণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি ৷ অভিযোগ অনুসৰি, চলিত বছৰৰ জানুৱাৰী মাহত মাত্ৰ 15 দিন ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ আহাৰ প্ৰদান কৰি বাকীখিনি চাউল বিদ্য়ালয়ৰ এটা কোঠাত জমা কৰি ৰাখে প্ৰধান শিক্ষক শ্বাহজামাল শ্বেখে ৷

mid day meal corruption dhubri assam etv bharat news
মধ্যাহ্ন ভোজনত দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে,কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ঘৰতে আবদ্ধ থাকিবলৈ নিৰ্দেশ দিছিল চৰকাৰে ৷ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ নামত অহা মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন ঘৰে ঘৰে দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল চৰকাৰে ৷ চৰকাৰৰ এই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই লক্​ ডাউন অমান্য কৰি খোপাতীয়া পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক শ্বাহজামাল শ্বেখে মইমতালি চলাই যোৱা বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে ৷ প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ মাতি পোকে ধৰা পাঁচ কেজি চাউল আৰু নগদ দুশ টকা বিতৰণ কৰে ৷ বিদ্যালয়খনত কোনো ধৰণৰ সামাজিক দূৰত্ব পালন নকৰাকৈ আৰু মাস্ক পৰিধান নকৰাকৈ চাউল বিতৰণ কৰে শিক্ষকজনে ৷

পচা চাউল বিতৰণ

ইফালে,পচা চাউল বিতৰণ কৰাৰ বাবে প্ৰধান শিক্ষকজনৰ ওপৰত খৰ্গহস্ত হৈ পৰে অভিভাৱকসকল ৷ উল্লেখ্য যে,প্ৰধান শিক্ষকজনে চৰকাৰী নিৰ্দেশ অমান্য কৰি বিগত প্ৰায় চাৰি মাহৰ মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷ অৱশ্যে বিদ্য়ালয় চৌহদত সংবাদ মাধ্য়ম উপস্থিত হোৱাত চাউল বিতৰণ বন্ধ কৰে ৷

লগতে চাওকঃ ৰাজধানী এক্সপ্ৰেছঃ ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ ডাঙৰ প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.