ETV Bharat / state

ধুবুৰীত অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ অধিবেশন

author img

By

Published : Aug 26, 2022, 10:41 PM IST

ধুবুৰীত অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ অধিবেশন সম্পন্ন(Anganbari Workers Helpers Association Session) । বিভাগীয় মন্ত্ৰী আৰু চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ (Anganbari Workers Helpers Association slams govt) ।

meeting of anganbari workers association in dhubri
ধুবুৰীত অংগণাবাড়ী কৰ্মী সহায়িকা সন্থাৰ অধিবেশন

ধুবুৰী,২৬ আগষ্ট: বৰ্তমানৰ চৰকাৰে জাত-পাতৰ ৰাজনীতি কৰিছে । ধৰ্মৰ নামত ৰাজনীতি কৰিছে । যি চৰকাৰে মানুহক সুৰক্ষা দিব নোৱাৰে সেই চৰকাৰে আকৌ গো-সুৰক্ষা আইন আনিছে । শুকুৰবাৰে ধুবুৰীত অনুষ্ঠিত হোৱা অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ অধিৱেশনত এইদৰেই বিভিন্ন দিশত কঠোৰ ভাষাৰে সমালোচনা কৰে সদৌ অসম অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসে(Anganbari Workers Helpers Association Session) ।

লগতে দেশৰ সম্পদ বিক্ৰী কৰি অহা চৰকাৰক ভাষণত তীব্র ভাষাৰে সমালোচনা জয়মতী দাসে(Anganbari Workers Helpers Association slams govt) । অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণ প্ৰসংগত অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰী অজন্তা নেওগক উভতি ধৰিলে অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসে । লগতে তেওঁ ভাষণত কয় যে নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰা হয় অংগনৱাড়ী কৰ্মী-সহায়িকাক ।

তাৰোপৰি বিভিন্ন কামত ব্যৱহাৰ হয় অংগনৱাড়ী কৰ্মী সহায়িকা সকল । কিন্তু অংগনৱাড়ী কৰ্মী-সহায়িকাৰ দাবী আজিলৈ পূৰণ কৰা নহ'ল । ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা মডেল অংগনৱাড়ী কেন্দ্ৰ প্ৰসংগ উপস্থাপন কৰি মন্ত্ৰী অজন্তা নেওগক উভতি ধৰি তীব্র ভাষাৰে সমালোচনা কৰি জয়মতী দাসে মুকলি প্ৰত্যাহ্বান জনায় । লগতে কয় যে যদি মন্ত্ৰী অজন্তা নেওগৰ সাহস আছে ৰাজ্যৰ জৰাজীৰ্ণ অংগনৱাড়ী কেন্দ্ৰ সমূহ ভাল কৰি দেখুৱাওক ।

লগতে বিভিন্ন সময়ত অংগনৱাড়ী কৰ্মী-সহায়িকাই কেন্দ্ৰৰ বিভিন্ন সামগ্ৰী আৰু টকা চুৰি কৰি খোৱা বুলি একাংশ লোকে অভিযোগ অনা বুলি কৈ লগতে সভানেত্ৰী গৰাকীয়ে কয় যে অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাই যদি চুৰি কৰিছে তেন্তে অসম চৰকাৰে তেওঁলোকক চোৰ সজাইছে । ইপিনে সংবাদ মাধ্যমৰ আগত তীব্র ক্ষোভ উজাৰি চৰকাৰে দাবী পূৰণ নকৰিলে এটা সময়ত ক্ষোভৰ উদ্গীৰণ হ'লে অসমত ভয়াবহ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সভানেত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: ডিমাছা ভৱন নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.