ধুবুৰী,29 জুলাইঃ ধুবুৰী চহৰত হঠাৎ লাগিল হুৱা-দুৱা ৷ ধুবুৰী চহৰৰ এন এছ ৰোডৰ মাজভাগত হঠাৎ পুৱাৰ ভাগত একংশ শ্ৰমিকে বালি ভৰ্তি কৰি প্ৰায় শতাধিক বস্তা পথৰ দুয়োকাষে পেলাবলৈ আৰম্ভ কৰে ৷ এনেতে একংশ স্থানীয় ৰাইজে শ্ৰমিকক সোধাপোচ কৰাত শ্ৰমিকে কি কাম বা কিহৰ কাম সেই বিষয় লৈ কোনো উত্তৰ দিব নোৱাৰাত ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হয় ৷ ইপিনে এই কামটো ধুবুৰী গড়কাপ্তানী বিভাগৰ অধীনৰ এছ ডি আৰ এফ আঁচনিৰ কাম বুলি ৰাইজে সন্দেহ কৰি গড়কাপ্তানী বিভাগৰ লগতে ধুবুৰী পৌৰসভা আৰু জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰে ৰাইজে ৷ যদিও কিন্তু পৌৰসভা অথবা জিলা প্ৰশাসন কোনোৱেই জ্ঞাত নহয় এই বিষয়টো লৈ ৷ প্ৰশাসনৰ অজ্ঞতাৰ পাচতেই ৰাইজ উত্তেজিত হৈ উক্ত বালিৰ বস্তাৰে পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
বহু সময় পাচত প্ৰতিবাদস্থলীত গড়কাপ্তানী বিভাগৰ এগৰাকী এছ ডি অ’ উপস্থিত হৈ ঠিকাদাৰ মইনুল হকক মাতি পঠিয়ায় ৷ মইনুল হক নামৰ ঠিকাদাৰজন ঘটনাস্থলীত উপস্থিত হোৱাৰ পাচত উত্তেজিত ৰাইজে উভতি ধৰে ঠিকাদাৰজনক ৷ অৱশেষত ৰাইজৰ ৰোষত পৰি ভুল স্বীকাৰ কৰে ঠিকাদাৰ মইনুলে ৷ উল্লেখ্য যে, কোন বিভাগৰ কিমান টকাৰ কাম আৰু কি কাৰণত কোন শিতানৰ কাম সেই সম্পূৰ্ণ তথ্য ৰাজহুৱা নকৰালৈকে কাইজে পথ অৱৰোধ অব্যাহত ৰাখিব বুলি কয় ৷ এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদ আৰু বালিৰ বস্তাৰ পাচত জিলা উপায়ুক্তই কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷