পশ্চিম বিলাসীপাৰা,8 মে’: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ইতিমধ্যে এই মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে বহু লোকে ৷ ইয়াৰ মাজতে বিলাসীপাৰাত সংঘটিত হৈছে এক হৃদয় বিদাকৰ ঘটনা ৷ মাজনিশা প্ৰবল বৰষুণৰ মাজতে কৰ’ণাত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ পৰি থাকিল ৰাজপথত ৷ মৃতদেহ সৎকাৰৰ বাবে ওলাই নাহিল কোনো লোক ৷
উল্লেখ্য যে, বুধবাৰে বিলাসীপাৰা চহৰৰ 3নং ৱাৰ্ডৰ বাসিন্দা স্বপন কুমাৰ ৰায়ৰ দেহত ধৰা পৰিছিল ক’ভিড-19 ভাইৰাছ ৷ ততাতৈয়াকৈ তেওঁক বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও শুকুৰবাৰে চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বাবে ব্যক্তিগৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকে চমজাই ল’বলৈ অস্বীকাৰ কৰে ৷
ইয়াৰ পিছতে নিশা পিপিই কীট পৰিধান কৰি চিকিৎসালয়ৰ পৰা বিলাসীপাৰা নগৰ সমিতিৰ আৱৰ্জনা কঢ়িওৱা বাহনেৰে মৃতদেহটো ৩ নং ৱাৰ্ডলৈ অনা হয় ৷ কিন্তু আশ্বৰ্যজনকভাৱে মৃতদেহ অনাৰ পিছতো সৎকাৰৰ বাবে ওলাই নাহে কোনো লোক ৷
আনহাতে, সন্ধিয়াৰে পৰা অহা এজাক মুষলধাৰ বৰষুণৰ বাবে বিপাঙত পৰে পৰিয়ালৰ লোক ৷ যাৰ বাবে মাজনিশালৈকে ৰাজপথতে পৰি থাকে মৃতদেহটো ৷ এই খবৰে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পৰৱৰ্তী সময়ত কেইজনমান চাফাই কৰ্মীয়ে মৃতদেহটো স্থানীয় শ্মশানত সৎকাৰ কৰে ৷
লগতে পঢ়ক- মৰিগাঁৱত 3 টা কণ্টেইনমেণ্ট জ’ন ঘোষণা