ধুবুৰী,৫ ছেপ্টেম্বৰ: ৰাজ্যৰ নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ অসমতে আৰক্ষীয়ে ৰাজ্যজুৰি অভিযান তীব্ৰতৰ কৰি তুলিছে । তথাপিও যেন বন্ধ হোৱা নাই ড্ৰাগছৰ প্ৰচলন তথা সৰবৰাহ । ভাৰত বাংলা সীমান্তৱৰ্তী জিলা দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়েও বিভিন্ন সময়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আহিছে ।

তথাপিও সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই ড্ৰাগছৰ বেহা । যাৰ ফলত মঙলবাৰে পুনৰ আৰক্ষীৰ অভিযানত মানকাচৰ অঞ্চলত ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় এটা ড্ৰাগছ মাফিয়া । এক গোপন তথ্যৰ ভিত্তিত মানকাচাৰত আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীটো মানকাচাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালুৰচৰ গাঁৱৰ ছফিউৰ ৰহমানৰ পুত্ৰ মনিৰ জামাল বুলি জানিবপৰা গৈছে ।

জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া দক্ষিণ শালমাৰা-মানকাচৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গজাৰীকান্ধী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ কাষত অভিযান চলায় । অভিযান কালত উক্ত স্থানৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ হয় গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক । ধৃত সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ৩৫ টা কণ্টেইনাৰ ভৰ্তি ৩৮ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে ।
উল্লেখ্য যে, ভাৰত বাংলা সীমান্তৱৰ্তী অঞ্চলেৰে একাংশ ড্ৰাগছ মাফিয়াই বাংলাদেশলৈ ড্ৰাগছৰ চোৰাং সৰবৰাহ কৰি অহাৰো এক গুৰুতৰ অভিযোগ পোৱা যায় বিভিন্ন সময়ত । প্ৰশ্ন উত্থাপন হয় সীমান্তৱৰ্তী অঞ্চলত আৰক্ষী নিৰাপত্তাৰক্ষী যথেষ্ট কঠোৰ হোৱাৰ পাছতো কি কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই গৈছে বৰবিহৰ সৰবৰাহ ।
লগতে পঢ়ক: Governments online portal launched: অনলাইন পৰ্টেল মুকলি শিক্ষামন্ত্ৰীৰ