ETV Bharat / state

দক্ষিণ শালমাৰাত স্বামীৰ বিৰুদ্ধে পত্নী হত্যাৰ অভিযোগ - খাৰুৱাবান্ধা

মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰে ৷ কিন্তু নুৰ আলীয়ে এই অভিযোগ নস্যাৎ কৰি তেওঁৰ পত্নীয়ে বিহ পান কৰি আত্মহত্যা কৰিছে বুলিহে দাবী কৰে ৷

স্বামীৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ
author img

By

Published : May 21, 2019, 4:34 PM IST

ধুবুৰী , 21 মে ': দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তগৰ্ত খাৰুৱাবান্ধাত এজন লোকৰ বিৰুদ্ধে পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ মৃত মহিলাগৰাকীৰ মাতৃগৃহৰ ফালৰ পৰা এই অভিযোগ উত্থাপন কৰে কৰে ৷

স্বামীৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ

অভিযোগ অনুসৰি খাৰুৱাবান্ধা গাঁৱৰ নুৰ আলী নামৰ এজন লোকে সোমবাৰে নিশা তেওঁৰ পত্নী জহুৰা খাতুনক(২৫) হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে ৷ ইপিনে নিশাৰ ভাগতে মৃত মহিলাগৰাকীক নুৰ আলীয়ে হাটশিঙীমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ আনহাতে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰে ৷ কিন্তু নুৰ আলীয়ে এই অভিযোগ নস্যাৎ কৰি তেওঁৰ পত্নীয়ে বিহ পান কৰি আত্মহত্যা কৰিছে বুলিহে দাবী কৰে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও নুৰে জহুৰা খাতুনক বহুবাৰ হত্যাৰ চেষ্টা চলাইছিল বুলি মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে ৷ লগতে তেওঁলোকে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰি দোষীক উচিত শাস্তিৰ দাবী জনায় ৷

sample description
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.