ETV Bharat / state

Longest luxury river cruise Ganga Vilas: অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস

author img

By

Published : Feb 17, 2023, 10:41 PM IST

বাংলাদেশৰ পৰা ব্ৰহ্মপুত্ৰৰে আহি অসমত উপস্থিত গংগা বিলাস (Luxury Cruise Ganga Vilas reach Dhuburi ) ৷ ২৮ গৰাকী বিদেশী পৰ্যটকক লৈ ধুবুৰীত উপস্থিত হয় বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজখন ৷ ধুবুৰীত উষ্ম আদৰণি জনোৱা হয় বিদেশী পৰ্যটকসকলক । অহা তিনি বছৰৰ বাবে আগতীয়াকৈ বুকিং গংগা বিলাসৰ ৷

Longest luxury river cruise Ganga Vilas
অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস
এম ভি গংগা বিলাসক অসমত আদৰণি

ধুবুৰী, ১৭ ফেব্ৰুৱাৰী: বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰা বিশ্বৰ সবাটোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ 'এম ভি গংগা বিলাসে' (World's longest river cruise Ganga Vilas) বাংলাদেশৰ পৰা ব্ৰহ্মপুত্ৰৰে আহি আজি বিয়লি ধুবুৰী পায়হি ৷ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটৰ সমীপৰ পৰা জাহাজখনত যাত্ৰা কৰা মুঠ ২৮ গৰাকী বিদেশী পৰ্যটকক এম ভি প্ৰতিমা নামৰ আন এখন সৰু জাহাজেৰে জাহাজঘাটলৈ অনা হয় ৷

এই পৰ্যটকসকলক ধুবুৰীত পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথ প্ৰমুখ্যে লোকসকলে আদৰণি জনায় ৷ ইয়াৰ পাচত Immigration Counterত বিদেশী পৰ্যটকসকলৰ যাৱতীয় নথি পৰীক্ষা কৰা হয় ৷ জাহাজঘাটতে স্থাপন কৰা অস্থায়ী মণ্ডপত তেওঁলোকে কোচ ৰাজবংশী লোকনৃত্য, গোৱালপৰীয়া লোকগীত আদি উপভোগ কৰে ৷

পৰ্যটকসকলে বিভিন্ন আত্মসহায়ক গোটে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰাচীন মুদ্ৰাৰ প্ৰদৰ্শনী চাই আপ্লুত হয় ৷ পৰ্যটকসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা পিঠা-পনাৰে আপ্যায়ন কৰোৱা হয় ৷ ইয়াৰ পিচতে পৰ্যটকৰ দলটো পুনৰ এম ভি প্ৰতিমাত উঠি এম ভি গংগা বিলাসলৈ (Longest luxury river cruise) ৰাওনা হয় ৷ তাতে তেওঁলোকে নিশাটো কটাব ৷

কাইলৈ অৰ্থাৎ শনিবাৰে পুৱা তেওঁলোক পুনৰ ঘাটলৈ আহি বাছেৰে আশাৰিকান্দি গাঁৱলৈ যাব ৷ আশাৰিকান্দিত টেৰাকোটা শিল্প চোৱাৰ লগতে ইয়াৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াৰো বুজ ল’ব পৰ্যটকৰ দলটোৱে ৷ তাৰ পিছতে পৰ্যটকৰ দলটোৱে ধুবুৰী টাউনত থকা গুৰুদ্বাৰা টেগ বাহাদুৰ ছাহেবজী আৰু ভিক্টোৰিয়া উদ্যান ভ্ৰমণ কৰিব ৷ দিনৰ প্ৰায় ১০ বজাত পৰ্যটকৰ দলটো এম ভি গংগা বিলাসত উঠি গোৱালপাৰা অভিমুখে ৰাওনা হ'ব ৷

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যোৱা ১৩ জানুৱাৰীত যাত্ৰা আৰম্ভ কৰা জাহাজখনে ৩,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অহা ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ'বগৈ ৷ ইপিনে আই ডব্লিউ টি আইৰ সঞ্চালক এ ছিলভা কুমাৰে ২৮ জনীয়া বিদেশী পৰ্যটকৰ দলটো ১ মাৰ্চত ডিব্ৰুগড়ৰ পৰা উভতি যোৱাৰ পিচত বিদেশী পৰ্যটকৰ আন এটি দলে ভাৰত আৰু অসমত প্ৰৱেশ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ অহা তিনি বছৰলৈকে বহু পৰ্যটকে আগতীয়াকৈ গংগা বিলাস বুকিং কৰাৰো কথা জানিবলৈ দিয়ে ৷ ই ভাৰত তথা অসমৰ পৰ্যটনৰ ক্ষেত্ৰৰ বাবে এক শুভ লক্ষণ বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : India emphasizes on Green Shipping: সেউজ জাহাজ পৰিবহণৰ সন্দৰ্ভত ভাৰতৰ গুৰুত্ব আৰোপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.