বিলাসীপাৰা , 1 ফেব্ৰুৱাৰীঃ কঠিন ৰোগত আক্ৰান্ত হৈ বিগত চাৰি মাহে শয্যাগত হৈ আছে এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৷ শিশু জনৰ চিকিৎসাৰ ব্যয়ৰ বাবে সৰ্বস্বান্ত হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো ৷ উপায়বিহীন পৰিয়লটোৱে সম্প্ৰতি আৰ্থিক সহায় বিচাৰিছে সদাশয় ব্যক্তিৰ পৰা ৷
পঞ্চম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰজন বিলাসীপাৰাৰ তামাকুবাৰী গাঁৱৰ ছহৰ আলী আৰু ৰেজিয়া বিবিৰ একমাত্ৰ সন্তান | চাৰি মাহৰ পূৰ্বে ফুটবল খেলি থকা অৱস্থাত ভৰিত আঘাতপ্ৰাপ্ত হৈছিল শিশুটি ৷ উন্নত চিকিৎসাৰ বাবে শিশুটিক চিকিৎসকে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰাৰ পাছত অস্ত্ৰোপচাৰ কৰাৰ বাবে পাঁচ লাখ টকাৰ প্ৰয়োজন হোৱাত বিপাঙত পৰে শিশুটিৰ পৰিয়ালটি ৷ উপায় বিহীন দুৰ্ভগীয়া পৰিয়ালটিয়ে সদাশয় ব্যক্তিৰ ওচৰত আৰ্থিক সাহায্য বিচাৰিছে ৷ শিশুটিৰ চিকিৎসাৰ বাবে কোনো সদাশয় ব্যক্তিয়ে সাহায্য দিব বিচাৰিলে SBI একাউন্ট নম্বৰ 35297607970, IFSC কোড SBINOOO7373 দিব পাৰে ৷ পৰিয়ালটিৰ লগত যোগাযোগ কৰিব বিচাৰিলে 7002933481 মোৱাইল নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটিয়ে কাতৰ অনুৰোধ জনাইছে ৷
লগতে পঢ়কঃকেন্দ্ৰীয় বাজেট 2020ঃ কৰ্মসংস্থান সৃষ্টিৰ বাবে 103 লাখ কোটি টকাৰ ইনফ্ৰা প্ৰকল্প উন্মোচন