ধুবুৰী, 8 জুন : ধুবুৰী জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগ কৰিবলৈ আগবাঢ়ি আহিল এল আ ইচি (LIC) আৰু পিৰামল ফাউণ্ডেশ্বন (Piramal Foundation) । ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে এখন সভা অনুষ্ঠিত কৰি জিলা উপায়ুক্ত আনবামুথান এম পিৰ উপস্থিতিত 150 টা পিপিই কীট আৰু 750 খন N-95 মাস্ক অৰ্পণ কৰে এল আ ইচি (LIC) কৰ্তৃপক্ষই ৷
ইফালে, পিৰামল ফাউণ্ডেশ্বন (Piramal Foundation) ৰ ৰাজ্যিক স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতিত পিৰামল ফাউণ্ডেশ্বনে (Piramal Foundation) জিলা উপায়ুক্তৰ হাতত 14 টা Oxizen Consentrator, 80 টা Pulse Oximeter ,500 খন N-95 Mask আৰু 100 খন Face shield অৰ্পন কৰে ৷
আনহাতে, অনাগত দিনত ক'ভিড পৰিস্থিতি অধিক ভয়াৱহ হ'লে ধুবুৰী জিলাৰ এখন ক'ভিড হাস্পতালৰ দায়িত্ব পিৰামল ফাউণ্ডেশ্বনে (Piramal Foundation) ল'ব বুলিও মন্তব্য কৰে ডাঃ দ্রুৱ জ্যোতি বৰাই ৷
লগতে পঢ়ক: ক'ভিশ্বিল্ড আৰু ক’ভেক্সিনৰ ৪৪ কোটি পালিৰ অৰ্ডাৰ কৰিছে চৰকাৰে