ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীৰে বিলাসীপাৰাত প্ৰতিবাদ

author img

By

Published : Jul 30, 2020, 6:35 PM IST

বৃহস্পতিবাৰে বিলাসীপাৰাৰ বানিয়ামাৰীত কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰেই বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তিৰ একাংশ সদস্যই ৷

কৃষক মুক্তিৰ প্ৰতিবাদ
কৃষক মুক্তিৰ প্ৰতিবাদ

বিলাসীপাৰা, 30 জুলাই: কৃষকনেতা অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী বিলাসীপাৰাৰ বানিয়ামাৰী আঞ্চলিক কৃষক মুক্তি, ধুবুৰী জিলা কৃষক মুক্তিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলৰ ৷ এই উদ্দেশ্যে বৃহস্পতিবাৰে বানিয়ামাৰী আঞ্চলিক কৃষক মুক্তি আৰু ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বানিয়ামাৰীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাৰ সদস্য সকলে ৷

অখিল গগৈৰ মুক্তিৰ দাবীৰে বিলাসীপাৰাত কৃষক মুক্তিৰ প্ৰতিবাদ

শাসনাধীষ্ঠ চৰকাৰ খনক ফেচীবাদী আখ্য দি প্ৰতিবাদকাৰীসকলে চৰকাৰে অখিল গগৈৰ বিৰুদ্ধে এটাৰ পাচত আনটো মিছা গোচৰ জাপি দি,জোৰকৈ কাৰাগাৰত বন্দী কৰি ৰাখি তেওঁৰ সৈতে অন্যায় কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ প্ৰতিবাদকাৰী সকলে অনতিপলমে অসমৰ প্ৰতিবাদী কণ্ঠ অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়ক বুলি দাবী উত্থাপন কৰে ৷ যদি চৰকাৰ অতি শীঘ্ৰেই এই কাম নকৰে তেন্তে আগন্তুক দিনত এক ভয়াৱহ জংগী আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে অখিল গগৈক মুক্তি নিদিলে অসম চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে অসমৰ লোক জাগ্ৰত হ'ব বুলি কোৱাৰ লগতে আগন্তুক হ'বলগীয়া ভয়াৱহ পৰিস্থিতিৰ বাবে অসম চৰকাৰেই দায়ী হ'ব লাগিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: অখিল গগৈক ৰাজনৈতিক বন্দী কৰি ৰখাটো উচিত হোৱা নাইঃ প্ৰফুল্ল মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.