ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি SMSS আৰু KMSS ৰ গৰ্জন

author img

By

Published : Apr 2, 2022, 12:24 PM IST

অভাৱনীয় হাৰত বৃদ্ধি পোৱা নিত্য ব্যৱহাৰ্য সামগ্ৰী মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজ্য (KMSS and SMSS protest in Assam) ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

KMSS and SMSS protest in Assam
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি SMSS আৰু KMSS ৰ গৰ্জন

নিউজ ডেস্ক, 2 এপ্ৰিল : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰী, ঔষধ, পেট্ৰ’ল-ডিজেল ইত্যাদিৰ মূল্য (Price hike of Essential Drugs) ৷ যাৰ ফলত এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে খাটিখোৱা লোকসকলে ৷ সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে (Price hike in Assam) ৰামটাঙোন শোধাইছে ৰাজ্যবাসীৰ মূৰত ।

ইফালে মূল্যবৃদ্ধি ৰোধৰ বাবে বিভিন্ন সময়ত বহু দল-সংগঠনে শাসনাধিস্থ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিলাসীপাৰাত প্ৰতিবাদত বহিল ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি (SMSS protest against price hike in Dhubri) ৷ শুকুৰবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে । কেৱল বিলাসীপাৰাতে নহয়, মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱৰ বেবেজীয়াতো বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS protest against price hike in Nagaon) ৷ ৰাজ্যত হোৰাহোৰে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে বৃদ্ধি পাইছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য । তাৰোপৰি 1 এপ্ৰিলৰ পৰা টোল গেটসমূহতো কৰ বৃদ্ধি পাইছে । প্ৰতিবাদকাৰীসকলে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা ।

আনহাতে, গোলাঘাটৰ পোৰাবঙলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথতো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহেৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী (SMSS protest against price hike in Golaghat) । ৰাজ্যত দিনকদিনে অত্যাধিক হাৰত বৃদ্ধি পোৱা মূল্যই সকলোকে চিন্তিত কৰি তুলিছে ।

KMSS and SMSS protest in Assam
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

মাছ, কণী, গাখীৰকে ধৰি পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, শাক পাচলি আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সাধাৰণ জনতাক । সেয়ে শীঘ্ৰ এই মূল্যৰোধ কৰিবলৈ প্ৰতিবাদকাৰীসকলে চৰকাৰক দাবী জনায় ৷ লগতে প্ৰতিবাদকাৰী সংগঠনটোৱে শাসনাধীস্থ চৰকাৰখনক শোষণকাৰী চৰকাৰ বুলি আখ্যা দিয়ে ৷

লগতে পঢ়ক : AASU protest against price hike : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.