ETV Bharat / state

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব কমল কুমাৰ মেধিয়ে

author img

By

Published : Feb 3, 2021, 10:35 AM IST

Updated : Feb 3, 2021, 11:09 AM IST

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব কমল কুমাৰ মেধিয়ে। জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ হিমন্তক ৰাজনীতিৰ পৰা বিদায় দিয়াৰ পণ লৈছে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে।

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব কমল কুমাৰ মেধিয়ে
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব কমল কুমাৰ মেধিয়ে

ধুবুৰী,3 ফেব্ৰুৱাৰীঃ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ ৰাজনৈতিক বতাহ ক্ৰমাৎ গৰম হৈ উঠিছে । শাসক বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ লগতে নতুনকৈ গঠন হোৱা ৰাইজৰ দলৰ ফালৰ পৰাও নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰতিখন জিলাত ।

শেহতীয়াকৈ যোৱা দুদিন ধৰি আঞ্চলিক দল "ৰাইজৰ দল"ৰ শীৰ্ষ নেতৃত্বই ধুবুৰী জিলাৰ বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰি দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে । সোমবাৰে ধুবুৰীৰ বিলাসিপাৰাত সভা অনুষ্ঠিত কৰাৰ পিছত মঙলবাৰে ধুবুৰীৰ গৌৰীপুৰ পাব্লিক লাইব্ৰেৰীত এখন জিলা পৰ্য্যায়ৰ সভা অনুষ্ঠিত কৰে দলৰ নেতৃত্বই । সভাত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্র সমালোচনা কৰে। মেধিয়ে কয় ডo হিমন্ত বিশ্ব শৰ্মা দীর্ঘ দিন ধৰি অসমৰ ৰাজনীতিৰ এটা অপশক্তিৰ প্ৰতীক। বিজেপিক পৰাভূত কৰাৰ লগে লগে বিজেপিৰ মূল কাণ্ডাৰী তথা চাৰিওফালৰ পৰা অসম খনক ধ্বংস কৰিব খোজা মূল ষড়যন্ত্ৰকাৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো আমি প্ৰতিহত কৰিব লাগিব।

এইদৰে হিমন্তক আক্ৰমণৰ লক্ষ্য কৰি লৈ পুণৰ মেধিয়ে কয় যে, ২০২১ চনৰ নিৰ্বাচনত অসমৰ ৰাজনীতিৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব লাগিব আৰু যাৰ বাবে মই সমগ্ৰ অসমীয়া জাতিক লগত লৈ জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব বিচাৰো। লগতে হিমন্তৰ নেতিবাচক ৰাজনীতিৰ বিৰুদ্ধে ইতিবাচক ৰাজনীতিৰ বিজয় ঘোষণা কৰিবৰ কাৰণে জালুকবাৰী সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ইচ্ছা প্ৰকাশ কৰে মেধিয়ে । লগতে প্ৰভাৱশালী বিজেপি নেতা হিমন্তৰ বিৰুদ্ধে নিৰ্বাচনী যুজঁ দিবলৈ বহু প্ৰত্যাহ্বান আহিব যদিও প্ৰত্যাহ্বান গ্ৰহণ কৰিয়েই ইতিহাসৰ বিজয় সাৱ্যস্ত কৰিব বুলি আশা প্ৰকাশ কৰে কোমল মেধিয়ে । ইপিনে সংখ্যালঘু ভোটাৰক লৈ হিমন্তই ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰি অহা প্ৰসংগক লৈও হিমন্তক উভতি ধৰিলে কমল কুমাৰ মেধিয়ে ।

লগতে পঢ়কঃ কৰ্ণাটকত আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান

Last Updated : Feb 3, 2021, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.