জোনাই,2 মে': জোনাইত শনিবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন বাইক আৰোহী আৰু আহত হয় মহিলাসহ আন তিনি গৰাকী লোক ৷ জোনাইৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চন্দ্ৰপুৰ গাঁৱৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ নিহত বাইক আৰোহীজন জোনাই থানাৰ অন্তৰ্গত গালী চিকাৰী গাঁও পঞ্চায়তৰ মুনমুনি জিয়াধল গাঁৱৰ ভোলা চুংক্ৰাঙৰ পুত্ৰ আলিম চুংক্ৰাং বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটোত আহত হোৱা লোকজন একেখন গাঁৱৰে ৰতনেশ্বৰ দলেৰ পুত্ৰ ভাস্কৰ দলে আৰু আন দুগৰাকী অৰুণাচল প্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷ বৰ্তমান আহত ভাস্কৰ দলেক জোনাই অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ লগতে অৰুণাচলৰ দুগৰাকীক অসম-অৰুণাচল সীমান্তৱৰ্তী ৰুকচিনৰ দ্বিপজনি নাৰ্চিংহোমত চিকিৎসা কৰি থকা হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি, জোনাইৰ পৰা একে দিশেৰে চিলাপথাৰ অভিমুখে আহি থকা AS 06A-2092 নম্বৰৰ এখন বাইকক আন এখন বাছে খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ইয়াৰ পাচতে দুৰ্ঘটনাগ্ৰস্ত বাইকখনে বিপৰীত দিশৰ পৰা অহা আন এখন ARO9B-9751 নম্বৰৰ বাইকক খুন্দিয়ায় ৷ যাৰ ফলত বাইকখনত থকা মহিলা আৰু বাইক আৰোহীজন বাগৰি পৰে ৷ কিন্তু প্ৰাণ ৰক্ষা পৰে দুয়োজনৰে ৷ বৰ্তমান আহতসকলৰ চিকিৎসা অব্যাহত আছে ৷
অন্য এক খবৰৰ বাবে: অসমত পুনৰ বিজেপি চৰকাৰ হ’ব: বিমল বৰা