ETV Bharat / state

ধুবুৰী কাৰাগাৰত এবুকু পানীঃ কলেজত ভৰালে কয়দীক - ইটিভি ভাৰত অসম

এবুকু পানীৰে উপচি পৰিছে কাৰাগাৰৰ ভিতৰ-বাহিৰ ৷ বানৰ বাবে কাৰাগাৰৰ 417 গৰাকী কয়দীক সোমবাৰে নিশাই ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ ওপৰ মহলাত স্থানান্তৰ কৰিবলগীয়া হয় ৷

কলেজত ভৰালে কয়দীক
author img

By

Published : Jul 16, 2019, 1:56 PM IST

ধুবুৰী, 16 জুলাইঃ বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ধুবুৰী জিলা কাৰাগাৰত ৷ এবুকু পানীৰে উপচি পৰিছে কাৰাগাৰৰ ভিতৰ-বাহিৰ ৷ বানৰ বাবে কাৰাগাৰৰ 417 গৰাকী কয়দীক সোমবাৰে নিশাই ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ ওপৰ মহলাত স্থানান্তৰ কৰিবলগীয়া হয় ৷

ধুবুৰী কাৰাগাৰত এবুকু পানী

ইপিনে নিৰাপদ আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কাৰাগাৰত কৰ্মৰত আৰক্ষী জোৱানসকল ৷ কিন্তু প্ৰশাসন তথা ঊৰ্ধতন মহলে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ চহৰখনৰ মাজমজিয়াতে বানে সৃষ্টি কৰা এনে ভয়াৱহ অৱস্থাৰ বাবে আতংকিত হৈ পৰিছে চহৰবাসী ৷ উল্লেখ্য যে ধুবুৰী জিলাৰ আঠ শতাধিক গাঁও বানৰ কবলত পৰিছে ৷

Intro: বানপানীয়ে ৰাজ্যত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত ধুবুৰী জিলা কাৰাগাৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এবুকু পানীৰ মাজত আৰক্ষীৰ হাহাকাৰ। চাৰি শতাধিক কয়াদিক নিৰাপদ স্থানলৈ স্থানান্তৰ।

Body: প্ৰলয়ংকাৰী বানপানীয়ে সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ধুবুৰী জিলাৰ আঠ শতাধিক গাঁও ইতিমধ্যে জলমগ্ন হৈ পৰাৰ বিপৰীতে দহ লক্ষাধিক লোক বানৰ কবলত পৰি হাহাকাৰ কৰিব লগীয়া হৈছে। ইপিনে জিলা সদৰ চহৰতো সংহাৰী ৰূপ লৈছে বানপানীয়ে। ইপিনে ধুবুৰী জিলা কাৰাগাৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এবুকু পানীৰ মাজত আৰক্ষীৰ হাহাকাৰ। নাই থকাৰ ঠাই। নাই খোৱা ব্যৱস্থা। আশ্ৰয় বিচাৰি এবুকু পানীৰ মাজত এইদৰেই ঘূৰিব লগীয়া হৈছে আৰক্ষী জোৱান সকল। ইপিনে জিলা কাৰাগৰৰ মুঠ ৪১৭ গৰাকী কয়াদিক নিশাৰ ভিতৰতেই ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ উপৰ মহলৰ এক নিৰাপদ স্থানত ৰখাৰ ব্যৱস্থা কৰে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে। কিন্তু আৰক্ষীৰ জোৱান সকলে পানীৰ মাজত ককবকাই থকাৰ সময়তো জিলা প্ৰশাসনৰ ফালৰ পৰা তেনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।
Byte:- আৰক্ষী জোৱান।

ইপিনে সাধাৰণ ৰাইজেও আতংকিত হৈ পৰিছে বানপানীৰ এনে ভয়াৱহ ৰূপ দেখি।
Byte:- ৰাইজ।

Conclusion: উল্লেখযোগ্য যে, সমগ্ৰ ধুবুৰী চহৰৰ লগতে ধুবুৰী জিলা খনত বানপানীয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰাত লাখ লাখ জনতাই হাহাকাৰ কৰিব লগীয়া হৈছে। আজিও অপৰিৱৰ্তিত ধুবুৰীৰ বান পৰিস্থিতি।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.