ধুবুৰী,১২ মাৰ্চ : "অসমত বিৰোধী বুলিবলৈ একো নাই । অসমত বিৰোধী এটাই । কিছুমান মানুহৰ ভোট আমাক নালাগে । যিসকল অসমীয়া খিলঞ্জীয়া মানুহৰ কাৰণে আগ্ৰাসনকাৰী, অসমীয়া মানুহৰ কাৰণে সন্ত্ৰাসৰ কাৰণ হ'ব পাৰে । তেনেকুৱা মানুহৰ ভোট আমি বিচৰা নাই । সেইখিনি ভোটক লৈ বিৰোধীয়ে চিন্তা চৰ্চা কৰি আছে ।" ধুবুৰীত এই বিস্ফোৰক মন্তব্য কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (Jayanta Malla Baruah slams oppositions)।
ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰি বিৰোধীক এনেদৰে তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । বিৰোধীৰ বৈঠক সম্পৰ্কেও জয়ন্ত মল্ল বৰুৱাই কয় যে, আজিৰ তাৰিখত তেনে দহটা দল কেৱল কাগজ পত্ৰত থকা দল ।
লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৪ খন আসনৰ ১৪ খনেই বিচাৰিছে (Jayanta Malla prediction on Loksabha election)। তাৰ ভিতৰত ১২ খন পাব বুলি মন্ত্ৰীগৰাকী নিশ্চিত । ইফালে বিৰোধীয়ে বাংলাদেশত কোনো আসন ওলাইছে নেকি তাক লৈহে ঘূৰি আছে বুলিও বিৰোধীক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, অসমৰ পৰা বিজেপিক উৎখাত কৰাৰ সংকল্প লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত দহটা ৰাজনৈতিক দলৰ শেহতীয়াকৈ বৈঠক অনুষ্ঠিত হয় (Oppositions party meeting in Guwahati)। কিন্তু বিৰোধীৰ বৈঠকৰ পৰা বাদ পৰি থাকিল এ আই ইউ ডি এফ, টি এম চি আৰু আম আদমি পাৰ্টী । বিৰোধীৰ এনে বৈঠকৰ পাচতেই শাসক পক্ষই বিৰোধীক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে ।
যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহকত উপস্থিত থকাৰ লগতে ধুবুৰীৰ আদৰ্শ মাৰ্কেট আৰু নিউ মাৰ্কেটৰ ভৱন উদ্বোধন কৰে সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । অনুষ্ঠানৰ পাছতে জয়ন্ত মল্ল বৰুৱাই বিভিন্ন ধৰণৰ উন্নয়নৰ কথা কোৱাৰ লগতে বিৰোধীক সমালোচনা কৰে । তেওঁৰ মতে নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত চলি থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত বিৰোধীৰ কোনো সুৰুঙা নাই । ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰি দলৰ যুৱ সংগঠন শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন দিশ সামৰি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে জয়ন্ত মল্ল বৰুৱাই ।
কাৰ্যনিৰ্বাহক সভাৰ অন্তত গেৰুৱা দলৰ বিৰোধী ৰাজনৈতিক দলবোৰক কঠোৰ সমালোচনা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । তেওঁ কয় যে ধুবুৰীৰ পৰাই এ আই ইউ ডি এফ তথা আজমলক উৎখাত কৰাৰ সংকল্প আজি লোৱা হৈছে । আনফালে নাম নোলোৱাকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈক সমালোচনা কৰি অহা নিৰ্বাচনত তেওঁ ফেইল কৰিব বুলি দাবী কৰাৰ বিপৰীতে সৰভোগৰ বিধায়কেও পাছ কৰিব নোৱাৰিব বুলি দাবী কৰে ভৱেশ কলিতাই (Bhabesh Kalita slams Akhil Gogoi)।
ইফালে ভূপেন বৰাৰ নেতৃত্বত দহটাকৈ বিৰোধী দলে চৈধ্য খনকৈ আসনেই দখল কৰিব বুলি দাবী কৰাৰ প্ৰত্যুত্তৰত ভৱেশ কলিতাই কয় যে ১৪ খন আসন কিয় ১৮ খন আসন হ'লেও বিগ জিৰ' হ'ব বিৰোধী ।
উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীৰ বিভিন্ন অঞ্চলত কেইবাটাও বুথ পৰ্যায়ৰ কাৰ্যসূচীৰ অন্তত ধুবুৰীত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় (Assam BJYM state executive at Dhubri)। য'ত অংশ লয় প্ৰতিখন জিলাৰ নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বই । ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত ৰাজ্যিক নেতৃত্বসহ বহু নেতা-কৰ্মী উপস্থিত থকাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অসম প্ৰদেশ জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা উপস্থিত থাকি বিজেপিৰ যুৱ সতীৰ্থক সম্বোধন কৰে ৷
লগতে পঢ়ক :CPIM Protest at Rangia : ত্ৰিপুৰা বিজেপিৰ বিৰুদ্ধে ৰঙিয়াত চিপিআইএম দলৰ প্ৰতিবাদ