ETV Bharat / state

আজমলৰ দৰদ কেৱল অনুপ্ৰৱেশকাৰীক লৈহে: জয়ন্ত মল্ল বৰুৱা - Cabinet meeting in Kokrajhar

বিলাসীপাৰাত উপস্থিত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah at Bilasipara) । বেলতলীত ভূমিকেন্দ্ৰিক সংঘাতত মৃত্যু হোৱা ছফিল উদ্দিন সেখৰ পৰিয়ালক প্ৰদান কৰে ৫ লাখ টকাৰ চেক ৷

Jayanta Malla Baruah criticized Badruddin Ajmal
বদৰুদ্দিন আজমলৰ দৰদ কেৱল অনুপ্ৰৱেশকাৰীক লৈহে : জয়ন্ত মল্ল বৰুৱা
author img

By

Published : Sep 6, 2022, 9:03 PM IST

পশ্চিম বিলাসীপাৰা, 6 ছেপ্টেম্বৰ : মঙলবাৰে বিলাসীপাৰাত উপস্থিত হয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah at Bilasipara) ৷ যোৱা ২ ছেপ্টেম্বৰত ঘটনাৰ বুজ ল’বলৈ মঙলবাৰে বিলাসীপাৰাত উপস্থিত হৈছিল দুই কেবিনেট মন্ত্ৰী ক্ৰমে ৰঞ্জিত দাস আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগ । কোকৰাঝাৰৰ কেবিনেট বৈঠকৰ (Cabinet meeting in Kokrajhar) পিছত আজি পুনৰ বিলাসীপাৰাত উপস্থিত হয় ধুবুৰী জিলাৰ নৱ-নিযুক্ত অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।

বদৰুদ্দিন আজমলৰ দৰদ কেৱল অনুপ্ৰৱেশকাৰীক লৈহে : জয়ন্ত মল্ল বৰুৱা

অভিভাৱক মন্ত্ৰীগৰাকীক গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ, দেশী জনগোষ্ঠীৰ মঞ্চ অসম, আক্ৰাছু, নাথ যোগী ছাত্ৰ সন্থাৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকলে বিশাল বাইক ৰেলিৰে আদৰণি জনায় । আনহাতে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বেলতলীত ভূমিকেন্দ্ৰিক সংঘাতত মৃত্যু হোৱা ছফিল উদ্দিন সেখৰ পৰিয়ালক ৫ লাখ টকাৰ এখনি চেক প্ৰদান কৰে ৷

লগতে পঢ়ক : কোকৰাঝাৰ কেবিনেটৰ সিদ্ধান্ত: প্ৰণয়ন হ’ব আৰক্ষী দায়বদ্ধতা আইন

উল্লেখ্য যে, ২১ আগষ্টত ভূমিকেন্দ্ৰিক সংঘাতত উদণ্ড লোকৰ নিৰ্মম প্ৰহাৰত মৃত্যু হৈছিল ছফিল উদ্দিন সেখৰ । সেখৰ মৃত্যুৰ পিছতেই অশান্ত হৈ পৰিছিল সমগ্ৰ বিলাসীপাৰা । ইতিমধ্যে ঘটনাৰ লগত জড়িত ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । বিলাসীপাৰাৰ উক্ত ঘটনাক কেন্দ্ৰ কৰি কঠোৰ হৈছে অসম চৰকাৰ ।

ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ কোনোপধ্যে সহ্য কৰা নহ’ব । বদৰুদ্দিন আজমলৰ দৰদ কেৱল অনুপ্ৰৱেশকাৰীক লৈহে । খিলঞ্জীয়াক লৈ কোনো চিন্তা নকৰে বদৰুদ্দিন আজমলে’’ (Jayanta Malla Baruah criticized Badruddin Ajmal) ।

উল্লেখ্য যে, মঙলবাৰে মন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, KAC ৰ বিষয়ববীয়া, বিজেপি কৰ্মকৰ্তাৰ লগতে বিভিন্ন দল সংগঠনৰ সদস্যই ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে CBI ক স্মাৰকপত্ৰ দিলে প্ৰদেশ কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.