ETV Bharat / state

বানত ক্ষতিগ্ৰস্ত দলং পৰিদৰ্শন প্ৰাক্তন বিধায়ক জাভেদ ইছলামৰ - বান পৰিস্থিতি

মানকাচৰত বানত উটি যোৱা দলঙৰ বুজ ল'লে প্ৰাক্তন বিধায়ক জাবেদ ইছলামে । অঞ্চলটোৰ যাতায়তৰ সু-ব্যৱস্থা কৰাৰ লগতে এখন পকী দলঙৰ ব্যৱস্থা কৰাৰ দাবী প্ৰাক্তন বিধায়ক জনৰ ৷

assam flood
assam flood
author img

By

Published : Jul 22, 2020, 11:23 AM IST

ধুবুৰী, 22 জুলাই : শেহতীয়াকৈ মানকাচৰৰ বৃহত্তম পূৰ্বাঞ্চল কালাপানীৰ বিভিন্ন ঠাইত কাল ৰূপ ধাৰণ কৰিছে বাঢ়নী পানীয়ে ৷ মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা প্ৰৱল সোঁতে ভয়ংকৰ ৰূপ লৈছে ৷ দুটা ৰিং বান্ধৰ লগতে কালাপানী আৰক্ষী চকীৰ গাতে লাগি থকা জৰাজীৰ্ণ কাঠৰ দলংখন উটুৱাই লৈ যোৱাৰ পাচতেই সম্পূৰ্ণ ৰূপে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে ৷

assam flood
বানে উটুৱাই নিয়া কাঠৰ দলং
বানৰ ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে নৈ পৰীয়া ৰাইজৰ লগতে কৃষক সকল ৷ মানকাচৰৰ কালাপানীত বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈ শীঘ্ৰেই অঞ্চলটোৰ যাতায়তৰ সু-ব্যৱস্থা কৰাৰ লগতে এখন পকী দলঙৰ ব্যৱস্থা কৰিব লাগিব বুলি উল্লেখ কৰে মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামে ৷
বানত ক্ষতিগ্ৰস্ত দলঙ পৰিদৰ্শন জাভেদ ইছলামৰ

উল্লেখযোগ্য যে,তিনিদিন যোৱাৰ পাচতো বানপানীৰ পৰিস্থিতিৰ বুজ ল'বলৈ সময় পোৱা নাই জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক মতিউৰ ৰহমান মণ্ডল আৰু জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানে ৷ যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : মৰিগাঁৱত বিপদসীমা অতিক্ৰম কিলিং আৰু কপিলী নৈৰ পানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.