ETV Bharat / state

Jal Jeevan Mission scam : ধুবুৰীত জল জীৱন মিছনৰ আঁচনি ৰূপায়ণত ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Apr 10, 2023, 11:16 AM IST

ধুবুৰীত জল জীৱন মিছনৰ পানী টেংকী নিৰ্মাণত অনিয়মৰ অভিযোগ (Jal Jeevan Mission scam)। নীতি বহিৰ্ভূতভাৱে কাম কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । বিভাগীয় অভিযন্তাক জবাবদিহি ৰাইজৰ ।

Jal Jeevan Mission scam
ধুবুৰীত জল জীৱন মিছনত ব্যাপক অনিয়মৰ অভিযোগ

ধুবুৰী,১০ এপ্ৰিল : ৰাজ্যবাসীক ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে চৰকাৰে জল জীৱন মিছনৰ কাম অব্যাহত ৰাখিছে (Jal Jeevan Mission in Assam)। ৰাজ্যৰ প্ৰতিখন জিলাতে চলিছে এই আঁচনিৰ কাম । কিন্তু বিভিন্ন জিলাত জল জীৱন মিছনত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈছে । এইবাৰ অভিযোগ আহিছে ধুবুৰী জিলাৰ পৰা ।

জিলাখনৰ বিভিন্ন প্ৰান্তত জল জীৱন মিছন ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে ৰাইজে (Scam in Jal Jeevan Mission)। ইউজাৰ কমিটিক অন্ধকাৰত ৰাখি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ । উত্তেজিত ৰাইজে জবাবদিহি কৰিলে বিভাগীয় অভিযন্তাক । এই ঘটনা ধুবুৰীৰ অয়ৰাণ জংলা তৃতীয় খণ্ড গাঁৱৰ । নির্মাণৰত জল জীৱন মিছনৰ কামত ব্যাপক অনিয়ম চলি থকাৰ অভিযোগ স্থানীয় ৰাইজ আৰু ইউজাৰ কমিটিৰ ।

কামৰ বুজ ল'বলৈ যোৱা বিভাগীয় অভিযন্তাক উভতি ধৰিলে স্থানীয় ৰাইজ আৰু ইউজাৰ কমিটিয়ে । ইউজাৰ কমিটিয়ে অভিযোগ কৰিছে যে আঁচনিখনৰ মতে ৰড ব্যৱহাৰ কৰা হোৱা নাই । লগতে ৰড নবন্ধাকৈয়ে মাটি মিহলি শিল-বালিৰে যধেমধে কাম সম্পন্ন কৰাৰ অভিযোগ ৰাইজৰ । আনকি বিশাল পানী টেংকী নিৰ্মাণৰ ক্ষেত্ৰত কিমান টকা আৱণ্টন দিয়া হৈছে সেয়াও অৱগত নহয় ইউজাৰ কমিটি আৰু স্থানীয় ৰাইজ ।

কামৰ ঠিকা লাভ কৰা ঠিকাদাৰে আন এজন উপ ঠিকাদাৰৰ জৰিয়তে আঁচনি বহিৰ্ভূতভাৱে কাম সম্পন্ন কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা ইউজাৰ কমিটিয়ে । জল জীৱন মিছনৰ বাবে চৰকাৰী নিয়ম মতে গঠন কৰা ইউজাৰ কমিটিক অন্ধকাৰত ৰাখি নিজৰ ইচ্ছা মতে কাম সম্পন্ন কৰিব বিচৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ইউজাৰ কমিটি আৰু স্থানীয় ৰাইজে (Jal Jeevan Mission scam in Dhubri)।

ইফালে বিভাগীয় অভিযন্তাগৰাকীয়ে ইউজাৰ কমিটি আৰু ৰাইজৰ অভিযোগৰ ভিত্তিত সকলো অনিয়মৰ ক্ষেত্ৰত দৃষ্টি ৰখাৰো আশ্বাস প্ৰদান কৰে । কেৱল এয়াই নহয়, ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত জল জীৱন মিছনৰ প্ৰকল্প নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও ৰহস্যজনকভাৱে উপযুক্ত ভূমিকা গ্ৰহণ কৰা নাই জিলা প্ৰশাসন আৰু জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে ।

লগতে পঢ়ক :Driver killed in Karimganj: গাড়ী চুৰি চক্ৰৰ আক্ৰমণত মৃত্যু চালকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.