ETV Bharat / state

International Seminar at Dhubri Law College: ধুবুৰী আইন মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

author img

By

Published : Jan 7, 2023, 10:21 PM IST

ধুবুৰী আইন মহাবিদ্যালয়ত মানৱ অধিকাৰ আইনৰ ওপৰত আয়োজন এখনি আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ (International Seminar at Dhubri Law College) ৷ এই আলোচনাচক্ৰত দেশৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা মিজানুৰ ৰহমানেও অংশগ্ৰহণ কৰে ৷

International Seminar at Dhubri Law College
মানৱ অধিকাৰ ওপৰত আলোচনা চক্ৰ
মানৱ অধিকাৰ ওপৰত আলোচনা চক্ৰ

ধুবুৰী, 7 জানুৱাৰী : ‘‘পৃথিৱীৰ এনে কোনো দেশ নাই, যিখন দেশত মানৱ অধিকাৰ উলংঘা হোৱা নাই । কম বেছি পৰিমাণে সকলো দেশতে মানৱ অধিকাৰ উলংঘা হৈছে । আমাৰ সকলোৰে এটা সপোন আছে ৷ সেয়া হৈছে আমি মানুহৰ জয়গান গাব বিচাৰো । আমি ভাবো মানুহতকৈ ডাঙৰ একো নাই ।’’ শনিবাৰে ধুবুৰীত এই মন্তব্য কৰে বাংলাদেশৰ ঢাকাস্থিত আন্তঃৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা মিজানুৰ ৰহমানে ।

উল্লেখ্য যে, শনিবাৰে ঐতিহ্যমণ্ডিত ধুবুৰী আইন মহাবিদ্যালয়ত মানৱ অধিকাৰ আইনৰ ওপৰত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হয় (International Seminar at Dhubri Law College) ৷ ধুবুৰী আইন মহাবিদ্যালয়ৰ উদ্যোগত আৰু পাঞ্জাৱ নেচনেল বেংকৰ সহযোগত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত দেশৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে (International Seminar on Human Rights Law held) ৷

লগতে পঢ়ক : Single Use Plastic in Tinsukia: তিনিচুকীয়াত অব্যাহত নিষিদ্ধ পলিথিনৰ ব্যৱহাৰ, ব্যৱসায়ীক কৰায়ত্ত

এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা প্ৰায় 9:30 বজাত আইন মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰয়াত দীনেশ ৰঞ্জন সৰকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । তাৰ পাচতে অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে মানৱ অধিকাৰ আইনৰ ওপৰত নিজৰ নিজৰ ব্যক্তব্য প্ৰদান কৰে ৷

ধুবুৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মৃদুলা বৰ্মনে উল্লেখ কৰা অনুসৰি উক্ত মনোজ্ঞ আলোচনা চক্ৰখনত প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশৰ ঢাকাস্থিত আন্তঃৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা মিজানুৰ ৰহমান, নেপালৰ জ্যেষ্ঠ অধিবক্তা দীনেশ ত্ৰিপাঠী, মেঘালয় ইউএছটিএম (Meghalaya USTM)ৰ প্ৰবক্তা শুভম ৰাজখোৱা, ধুবুৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মৃদুলা বৰ্মন, ধুবুৰীৰ জ্যেষ্ঠ অধিবক্তা তথা ধুবুৰী উকীল সন্থাৰ সভাপতি নুৰুল ইছলাম চৌধুৰী উপস্থিত থাকে ৷

এওঁলোকৰ উপৰিও উক্ত অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ প্ৰায় ডেৰ শতাধিক জ্যেষ্ঠ অধিবক্তা আৰু মানৱ অধিকাৰৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Rang Ghar Renovation : ৰংঘৰৰ উন্নয়ণৰ বাবে অধিগৃহিত মাটিৰ মূল্য প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.